NORTHEAST NOW (Assamese)

নতুন এন আৰ চি|| আওতাত পৰিব অসম, ঘোষণা অমিত শ্বাহৰ

November 20, 2019 4:21 pm · এন ই নাও নিউজ
Updated: November 20, 2019 4:51 pm
অমিত শ্বাহ, উৎস-ইণ্টাৰনেট

সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰা হ’ব বুলি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে বুধবাৰে সংসদত উল্লেখ কৰাৰ লগতে অসমৰ ক্ষেত্ৰতো এয়া প্ৰযোজ্য হ’ব বুলি তেওঁ কয়।

‘‘অলপতে উচ্চতম ন্যায়ালয়ৰ পৃষ্ঠপোষকতাত আমি অসমত সম্পুৰ্ণ এন আৰ চি তালিকা প্ৰকাশ কৰিছিলো। আমি সমগ্ৰ দেশত এন আৰ চিৰ কাম আৰম্ভ কৰিম আৰু সেয়া অসমৰ ক্ষেত্ৰতো প্ৰযোজ্য হ’ব,’’ অমিত শ্বাহে কয়।

কোনো ধৰ্মৰ কোনো লোকে এন আৰ চিক লৈ ভয় খোৱাৰ প্ৰয়োজন নাই বুলিও তেওঁ কয়।

‘‘এন আৰ চি সকলো ধৰ্মৰ লোকৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব,’’ শ্বাহে কয়।

আনহাতে, অসমৰ এন আৰ চি তালিকাত নাম অন্তৰ্ভূক্ত নোহোৱা লোকৰ প্ৰসংগ উল্লেখ কৰি শ্বাহে সেই সকল লোকে বিদেশী ন্যায়াধিকৰণৰ ওচৰলৈ যাব পাৰিব বুলি মন্তব্য কৰে।

যিসকল লোকৰ বিদেশী ন্যায়াধিকৰণত আবেদন কৰাৰ বাবে হাতত ধন নাই সেইসকল লোকক অসম চৰকাৰে আৰ্থিকভাৱেও সহায় আগবঢ়াব বুলি শ্বাহে কয়।

চৰকাৰে উকীলৰ খৰছো বহন কৰিব বুলি গৃহ মন্ত্ৰী গৰাকীয়ে জনায়।

উল্লেখযোগ্য যে, অসমত প্ৰকাশিত সম্পূৰ্ণ এন আৰ চি তালিকাৰ পৰা প্ৰায় ১৯ লাখ লোকৰ নাম বাদ পৰিছিল।

অসম চুক্তিৰ আধাৰত ১৯৭১ চনৰ ২৫ মাৰ্চৰ পাছত অহা অবৈধ বিদেশী নাগৰিকক চিনাক্ত কৰা বাবে অসমত এন আৰ চি উন্নীতকৰণ কৰা হৈছিল।

Related News