NORTHEAST NOW (Assamese)
অসম

নাজিৰা আৰক্ষী থানাক ৰাজ্যখনৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 8, 2019 7:04 am
Assam-police-1140x570-1024x512

নাজিৰা আৰক্ষী থানাক অসমৰ শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ২০১৮ বৰ্ষৰ আৰক্ষী থানাসমূহৰ বাৰ্ষিক স্থান মূল্যাংকত (এনুৱেল ৰেংকিং) ৰাজ্যখনৰ থানাসমূহৰ ভিতৰত নাজিৰা আৰক্ষী থানাক শ্ৰেষ্ঠ হিচাপে ঘোষণা কৰা হৈছে।

গৃহ মন্ত্ৰালয়ৰ এটা বিশেষ প্ৰতিনিধি দলে নাজিৰা আৰক্ষী থানাক শ্ৰেষ্ঠ আৰক্ষী থানাৰ সন্মান প্ৰদান কৰে। ‘’চাৰ্টিফিকেট অৱ এক্সিলেন্স’’ প্ৰদান কৰি বছৰটোৰ সকলোদিশৰ পৰা থানাখনক ৰাজ্যৰ আন আৰক্ষী থানাসমূহৰ ভিতৰত উৎকৃষ্ট হিচাপে মৰ্যাদা দিয়ে।

Nazira-PS-Certificate-1024x732

উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ৰ দলটোৱে ৰাজ্যখনৰ সকলোবোৰ থানা পৰিদৰ্শন কৰিছিল আৰু পৰীক্ষা কৰাৰ পাছত নাজিৰা আৰক্ষী থানাক সকলোবোৰৰ মাজত শ্ৰেষ্ঠ আৰক্ষী থানা হিচাপে নিৰ্বাচিত কৰে।

জানিব পৰা মতে, গৃহ মন্ত্ৰালয়ৰ দলটোৱে বিভিন্ন দিশৰ পৰা থানাসমূহৰ প্ৰদৰ্শনৰ ওপৰত পৰ্যালোচনা কৰে। ইয়াৰ ভিতৰত সুৰক্ষা ব্যৱস্থা,পৰিস্কাৰ-পৰিচ্ছন্নতা, থানালৈ ন্যায় বিচাৰি অহা লোকসকলৰ সৈতে আৰক্ষীৰ ব্যৱহাৰ, তেওঁলোকৰ সমস্যা তথা অভিযোগৰ প্ৰতি দেখুওৱা তৎপৰতা আৰু সহযোগিতা আদি বিষয়বোৰ পৰীক্ষা কৰি চোৱা হয়।

তদুপৰি, থানাখনত তথ্য পাতি ৰখাৰ শৃংখলা আৰু ইয়াৰ উন্নীতকৰণ ব্যৱস্থাৰ লগতে থানাখনৰ আৰক্ষী বিষয়া তথা জোৱানসকলৰ দক্ষতাৰ প্ৰদৰ্শন, পৰিস্থিতি মোকাবিলা কৰাৰ সক্ষমতা পৰীক্ষণৰ উপৰি স্থানীয় লোকৰ লগতে থানালৈ বিভিন্ন কাৰণত অহা লোকসকলৰ মতামতো গ্ৰহণ কৰা হয়।