NORTHEAST NOW (Assamese)

শাৰদ পাৱাৰৰ সম্পৰ্কত আপত্তিজনক প’ষ্ট: বিজেপি নেতাৰ গালত প্ৰচণ্ড চৰ এনচিপি কৰ্মীৰ

May 15, 2022 5:08 pm · এন ই নাও নিউজ, গুৱাহাটী

মাৰাঠী অভিনেত্ৰী কেতকীক এনচিপি নেতা শাৰদ পাৱাৰৰ সম্পৰ্কত তেওঁৰ ‘অশালীন’ প’ষ্টৰ বাবে শনিবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল। একেটা অভিযোগতে এজন শিক্ষাৰ্থীকো গ্ৰেপ্তাৰ কৰা হৈছিল। এইবাৰ, শাৰদ পাৱাৰ সম্পৰ্কে আপত্তিজনক প’ষ্টৰ বাবে এনচিপি কৰ্মীৰ আক্ৰমণৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ বিনায়ক আম্বেকাৰ।

এটা ভিডিঅ’ ভাইৰেল হৈছে। তাত দেখা গৈছে যে এজন এনচিপি কৰ্মীয়ে বাক-বিতণ্ডা চলি থকাৰ মাজতে বিজেপি নেতাজনৰ গালত প্ৰচণ্ড চৰ মাৰিছে।  এই ঘটনাকলৈ সৰৱ হৈ পৰিছে গেৰুৱা শিবিৰ।

মাৰাঠী অভিনেত্ৰীগৰাকীয়ে শনিবাৰে তেওঁৰ প’ষ্টত পোনপটীয়াকৈ কাৰো নাম উল্লেখ কৰা নাছিল যদিও ‘পাৱাৰ’ উপাধি ব্যৱহাৰ কৰিছিল। তেওঁ এইটোও উল্লেখ কৰিছিল যে নেতাজনৰ বয়স ৮০ বছৰ। লক্ষ্য কৰিবলগীয়া যে শাৰদ পাৱাৰৰ বয়স  বৰ্তমান ৮১ বছৰ। যিটোৱে স্পষ্ট কৰে যে তেওঁ পাৱাৰকে সমালোচনা কৰিছে।

লগতে পঢ়ক: দ্ৰুত উত্থান, নাটকীয় পতন; বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী

কেতকীয়ে তেওঁৰ পোষ্টত লিখিছিল, ‘নৰকে আপোনাৰ বাবে অপেক্ষা কৰি আছে’, ‘আপুনি ব্ৰাহ্মণসকলক ঘৃণা কৰে’। তাতেই বিতৰ্কৰ আৰম্ভ হৈ পৰে। এনচিপি আৰু পাৱাৰ সমৰ্থকসকল ক্ষুব্ধ হৈ পৰে। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হয় আৰু পিছত তেওঁক গ্ৰেপ্তাৰো কৰা হয়।

মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ বিনায়ক আম্বেকাৰৰ ক্ষেত্ৰতো একেই কথা। তেওঁৱো নেতাজনৰ নামত অপ্ৰয়োজনীয়ভাৱে অপবাদমূলক প’ষ্ট কৰা বুলি অভিযোগ কৰা হৈছে। ইয়াতেই পাৱাৰৰ সমৰ্থকসকল ক্ষুব্ধ হৈ পৰে। ভাইৰেল ভিডিঅ’টোত, এনচিপিৰ কেইবাজনো কৰ্মীয়ে আম্বেকাৰৰ সৈতে তৰ্কত লিপ্ত হোৱা দেখা গৈছে। তৰ্ক চলি থকাৰ মাজতে তেওঁলোকৰ এজনে চকীৰ পৰা উঠি বিজেপি নেতাজনৰ গালত প্ৰচণ্ড চৰ শোধায়। এই ঘটনাত হতভম্ব হৈ পৰে আম্বেকাৰ।

মহাৰাষ্ট্ৰৰ বিজেপি প্ৰধান চন্দ্ৰকান্ত পাটিলে এই ঘটনাক গৰিহণা দিছে। তেওঁ দলৰ মুখপাত্ৰৰ ওপৰত হোৱা আক্ৰমণৰ ভিডিঅ’ টুইট কৰিছে। শিৰোনামত লিখিছে  “এনচিপিৰ গুণ্ডাসকলে মহাৰাষ্ট্ৰ বিজেপিৰ মুখপাত্ৰ বিনায়ক আম্বেকাৰক আক্ৰমণ কৰিছে। ভাৰতীয় জনতা পাৰ্টিৰ হৈ মই এই ঘটনাক তীব্ৰ গৰিহণা দিছো। আমি এই গুণ্ডাবোৰৰ সৈতে দ্ৰুততাৰে মোকাবিলা কৰিব লাগিব।”

আনহাতে, অভিনেত্ৰী কেতকীক শুকুৰবাৰে মহাৰাষ্ট্ৰৰ এখন আদালতত হাজিৰ কৰোৱা হৈছিল। আদালতে অভিনেত্ৰীগৰাকীক ১৮ মে’লৈকে আৰক্ষীৰ জিম্মাত ৰখাৰ নিৰ্দেশ দিছে। অভিনেত্ৰীগৰাকীক থানে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল।

Related News