• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দ্ৰুত উত্থান, নাটকীয় পতন; বিপ্লব কুমাৰ দেৱৰ মুখ্যমন্ত্ৰী হোৱাৰ কাহিনী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 15, 2022 3:40 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ৪৮ বছৰ বয়সত ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হৈ সকলোকে চমক দিয়া বিপ্লব কুমাৰ দেৱৰ কাৰ্যকালৰ সমাপ্তি ঘটিছে নাটকীয়ভাৱে। সকলোকে আচৰিত কৰি শনিবাৰে বিজেপি হাইকমাণ্ডৰ নিৰ্দেশত দেৱে দিল্লীৰ পৰা উভতি আহিয়েই তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰে।

দেৱৰ পৰিয়ালৰ সংঘ পৰিয়ালৰ সৈতে বহুদিনীয়া সম্পৰ্ক। তেওঁৰ পিতৃ হিৰুধন দেৱ  জনসংঘৰ এগৰাকী ‘সংগঠক’ আছিল। বিপ্লব দেৱৰ জন্মৰ সময়ত ত্ৰিপুৰাৰ দক্ষিণে ৬০ কিলোমিটাৰ নিলগৰ এখন সৰু গাওঁ জামজুৰীত সাধাৰণ অৱস্থাৰে পৰিয়ালটো বসবাস কৰিছিল।

স্নাতক হোৱাৰ পিছতে বিপ্লৱ দিল্লীলৈ ৰাওনা হয় আৰু সোনকালেই তেওঁ তাত গোবিন্দাচাৰ্য আৰু কৃষ্ণগোপাল শৰ্মাৰ দৰে আৰ এছ এছৰ পৰামৰ্শদাতা বিচাৰি পায়।

Apply Now

২০১৫ চনত ১৬ বছৰৰ পিছত ত্ৰিপুৰালৈ ঘূৰি যোৱাৰ সময়ত তেওঁ আছিল দুটা সন্তানৰ পিতৃ আৰু এজন এছবিআই বিষয়াৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা এখন সৰু সংসাৰ। দেৱ সংঘ পৰম্পৰাৰ এজন প্ৰশিক্ষিত বক্তা আছিল আৰু তেওঁ হিন্দী, বাংলা আৰু ইংৰাজীৰ সংমিশ্ৰণেৰে ভাষণ আগবঢ়াইছিল।

তেওঁক মহা সম্পৰ্ক অভিযান নামৰ বিজেপিৰ প্ৰচাৰ কাৰ্যসূচীৰ দায়িত্ব অৰ্পন কৰা হৈছিল আৰু তেতিয়া তিনিবছৰ বাকী থকা বিধানসভা নিৰ্বাচনৰ বাবে ইয়াৰ প্ৰচাৰৰ ভিত্তি প্ৰস্তুত কৰিছিল। দলীয় বৃত্তৰ ভিতৰত তেওঁ শীৰ্ষস্থানৰ তিনিজন নেতা নৰেন্দ্ৰ মোডী, অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ নিকট সম্পৰ্কৰ আছিল।

এবছৰৰ ভিতৰতেই দেৱে ৰাজ্যখনৰ অদমনীয় আৰু দীৰ্ঘদিনধৰি শাসন কৰি থকা কমিউনিষ্ট দলবোৰৰ বিৰুদ্ধে তেওঁৰ উদ্যমী প্ৰচাৰৰ দ্বাৰা বিষয়াসকলক প্ৰভাৱিত কৰিছিল। ইয়াৰে বাবেই তেওঁ  ২০১৬ৰ জানুৱাৰীত ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে মনোনীত হয়। তেওঁ তদানীত্বন বিজেপিৰ ৰাজ্যিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি তথা ত্ৰিপুৰাৰ আটাইতকৈ দীঘলীয়া সময়ৰ বাবে সেৱা আগবঢ়োৱা বিজেপিৰ মুৰব্বী স্বৰ্গীয় সুধীন্দ্ৰ দাসগুপ্তাৰ স্থানত অধিষ্ঠিত হয়।

নতুন দায়িত্ব লাভ কৰাৰ পিছত দেৱে প্ৰাক্তন কংগ্ৰেছ নেতা, অসন্তুষ্ট কমিউনিষ্ট নেতা আৰু সম্ভাৱ্য নৱাগতসকলৰ এটা দলক একত্ৰিত কৰি বাওঁপন্থীসকলৰ বাবে প্ৰত্যাহ্বান আনিবলৈ সক্ষম হৈছিল। কেন্দ্ৰীয় বিজেপি নেতা আৰু দলটোৰ উত্তৰ-পূবৰ মুখ বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত ত্ৰিপুৰাৰ খিলঞ্জীয়া গণমৰ্চাকলৈ আস্থা অৰ্জনত আগবাঢ়িছিল।

একেধাৰে ত্ৰিপুৰাত ২৫ বছৰ শাসন কৰা বাওঁ মৰ্চাৰ ভেটি খহাই বিজেপিয়ে খোপনি পুতিবলৈ সক্ষম হয়।

অৱশ্যে মুখ্যমন্ত্ৰী হিচাপে নিজৰ নতুন ভূমিকাত দেৱে আৰম্ভণিৰ পৰাই সমস্যাৰ সৃষ্টি কৰিছিল। তেওঁ ৰাজ্যৰ লগতে বাহিৰৰ বহুলোকৰ বাবে একমাত্ৰ অচিনাকি মুখ  নাছিল, তেওঁৰ দৰেই বহুতো মন্ত্ৰীয়েই প্ৰথমবাৰৰ বাবে চৰকাৰখনত আছিল। সুদীপ ৰয় বৰ্মন, ৰতন লাল নাথ, প্ৰাণজিৎ সিংহ ৰয় আৰু মনোজ কান্তি দেৱেহে ধৰি কিছু বিধায়িনী অভিজ্ঞতা দাবী কৰিব পাৰিছিল।

দায়িত্ব গ্ৰহণ কৰাৰ পিছত কিছু দিনৰ ভিতৰতে বিপ্লব দেৱে তেওঁৰ ভুলৰ বাবে অধিক বাতৰিৰ শিৰোনাম দখল কৰিছিল। দূৰৱৰ্তী অঞ্চলবোৰলৈ আকস্মিক ভ্ৰমণ তথা অৱহেলাৰ অভিযোগত বিষয়াসকলক ঘটনাস্থলীতে নিলম্বন কৰাৰ দৰে কাৰ্যবোৰে তেওঁক চৰ্চাৰ মাজলৈ আনিছিল। তেওঁৰ এটা অতি চৰ্চিত মন্তব্য আছিল যে সঞ্জয়ে ইণ্টাৰনেট প্ৰযুক্তিৰ সহায়ত অন্ধ সম্ৰাট ধৃতৰাষ্ট্ৰক মহাভাৰতৰ যুদ্ধৰ বৰ্ণনা দিছিল।

২০২০ চনৰ অক্টোবৰ মাহত বিজেপি চৰকাৰত যোগদান কৰাৰ কেইমাহমানৰ ভিতৰতে বিদ্ৰোহ কৰা সুদীপ ৰয় বৰ্মনে বিধায়কসকলৰ এটা দলক দেৱৰ অপসাৰণ বিচাৰি দিল্লীলৈ লৈ যায় আৰু তেওঁক “স্বৈৰাচাৰী, অনভিজ্ঞ আৰু অপ্ৰিয়” বুলি অভিহিত কৰে। অৱশ্যে বিজেপিয়ে দেৱৰ কাষতে থিয় দিছিল আৰু একাংশ বিদ্ৰোহী নেতাই পিছত পক্ষ সলনি কৰিছিল। অৱশ্যে ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিজেপি ত্যাগ কৰে।

২০২০ চনৰ ডিচেম্বৰ মাহত বিজেপিৰ দায়িত্বশীল পদবীত থকা অৱস্থাত দেৱে দলীয় বিদ্ৰোহৰ সন্মুখীন হৈ তেওঁ কাৰ্যানিৰ্বাহ কৰিব লাগে নে নাই সেই সন্দৰ্ভত জনসাধাৰণৰ “ৰায়” বিচাৰি এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰিছিল। বাতৰি অনুসৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই ক্ষুব্ধ হৈ মুখ্যমন্ত্ৰীক তৎক্ষণাৎ পৰিকল্পনাটো বাদ দিবলৈ নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় নেতৃত্বই দেৱক স্পষ্ট কৰি দিছিল যে দলে সাংগঠনিক বিষয়বোৰ চম্ভালিব আৰু মুখ্যমন্ত্ৰীয়ে কেবল শাসনৰ বিষয়বোৰতহে গুৰুত্ব দিব লাগে।

যদিও বেছিভাগ সংকটৰ মাজেৰে দেৱক পাৰ কৰা দেখা গৈছিল তেওঁ শীৰ্ষ নেতৃত্বৰ আস্থা থকাৰ বাবে আত্মবিশ্বাসত আছিল, বিশেষকৈ তেওঁ প্ৰধানমন্ত্ৰী মোডীৰ “হাতে গঢ়া মুখ্যমন্ত্ৰী” বুলি থকা ধাৰণাটোৱে তেওঁৰ মনোবল দৃঢ় কৰিছিল। দলৰ নেতাসকলে প্ৰায়ে দেৱক ‘শিক্ষা লোৱাৰ বাবে’ আৰু “তেওঁৰ ৰাজহুৱা মন্তব্য অধিক নিয়ন্ত্ৰিত”হোৱাৰ প্ৰয়োজনীয়তাৰ বিষয়ে আঙুলিয়াই দিছিল।

তেওঁৰ গ্ৰহণ কৰা অধিক জনপ্ৰিয় পদক্ষেপবোৰৰ ভিতৰত আছিল ‘নিচা-মুক্ত (ড্ৰাগছ-মুক্ত) ত্ৰিপুৰা’ ৰ প্ৰতিশ্ৰুতি। ড্ৰাগছৰ বৃহৎ ভাণ্ডাৰ উদ্ধাৰ আৰু তাৰ পিছত হোৱা গ্ৰেপ্তাৰৰ ফলত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে দাবী কৰিছিল যে দেৱে ম্যানমাৰত থকা ড্ৰাগছ মাফিয়াৰ পৰা তেওঁৰ জীৱনলৈ ভাবুকি মাতি আনিছিল।

মুখ্যমন্ত্ৰী হিচাপে, দেৱে ৰাজনৈতিক কাৰ্যকলাপবোৰ সুশৃংখল কৰিবলৈ, অবৈধ ভূমি দখল আৰু পৰিবহন চিণ্ডিকেটৰ গুণ্ডামি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিছিল, আৰু শাসনৰ বিভিন্ন ক্ষেত্ৰত ইণ্টাৰনেট-আধাৰিত সেৱা প্ৰৱৰ্তন কৰিছিল। যোৱা বছৰ, তেওঁ ‘লক্ষ্য ২০৪৭’ নামৰ এক উচ্চাভিলাষী ২৫ বছৰজোৰা উন্নয়ন পৰিকল্পনা কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ৰাজ্যখনত জনমূৰি উপাৰ্জন বৃদ্ধি পাইছিল, হত্যা, ধৰ্ষণ আৰু অপহৰণৰ দৰে গুৰুতৰ অপৰাধ ৩০ শতাংশ হ্ৰাস পাইছিল আৰু দোষী সাব্যস্ত হোৱাৰ হাৰ ১০ গুণ বৃদ্ধি পাইছিল।

তথাপিও, দেৱে ৰাজ্যখনত আইন-শৃংখলা ভংগ হোৱাৰ, বিশেষকৈ বিৰোধীৰ ওপৰত আক্ৰমণৰ বিষয়ত বিৰোধীৰ সমালোচনাৰ পৰা নিজকে মুক্ত কৰিব পৰা নাছিল। আনকি বিজেপিয়ে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰক ইয়াৰ কৰ্মীসকলক লক্ষ্য কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ দৰে ত্ৰিপুৰাত বিজেপিৰ শাসনৰ ওপৰতো একেটা অভিযোগেই আৰোপ কৰা হৈছিল। চিপিএমে দাবী কৰিছিল যে বিজেপি শাসনলৈ অহাৰ চাৰি বছৰত ইয়াৰ কমেও ২৪ জন কৰ্মী নিহত হৈছে। কংগ্ৰেছে ৰাজনৈতিক আৰু অন্যান্য অপৰাধত ইয়াৰ নিহত ইয়াৰ কৰ্মীৰ সংখ্যা এশৰো অধিক বুলি দাবী কৰিছিল।

ত্ৰিপুৰাৰ সাংবাদিক সংগঠনসমূহে দেৱ চৰকাৰৰ অধীনত প্ৰায় ৪০ জন সাংবাদিকৰ ওপৰত আক্ৰমণৰ দাবী কৰে আৰু কয় যে আৰক্ষীৰ ওচৰত পঞ্জীয়ন কৰা কোনো গোচৰত কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাছিল।

শেহতীয়াকৈ ৰাষ্ট্ৰীয় ৰাজধানী ভ্ৰমণৰ সময়ত দেৱে কৈছিল যে তেওঁ মহিলাসকলৰ বাবে নীতি আৰু কল্যাণমূলক ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে আৰু অহা  বিধানসভা নিৰ্বাচনত এইবোৰ তুলি ধৰিব।

পদত্যাগ পত্ৰ প্ৰদান কৰাৰ অলপ পিছতে দেৱে কৈছিল যে তেওঁ সকলোকে ন্যায় দিবলৈ আৰু আইন অনুসৰি তথা “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাত” সততাৰে তেওঁৰ কাম কৰিবলৈ চেষ্টা কৰিছিল।

(ইণ্ডিয়ান এক্সপ্ৰেছৰ সৌজন্যত এই প্রতিবেদন)।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

‘আমাৰ সৈতে অন্যায় হৈছে’, ফিফাক ক্ষুৰধাৰ সমালোচনা ইৰানৰ প্ৰশিক্ষক আৰু অধিনায়কৰ

June 27, 2026 9:34 pm
ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

ভাৰতৰ হাতৰ পৰা ওলাই গ’ল মংলা বন্দৰৰ প্ৰকল্প! প্ৰথমখন বিদেশ ভ্ৰমণত চীনৰ সৈতে গুৰুত্বপূৰ্ণ চুক্তিত স্বাক্ষৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ

June 27, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

বিশ্বৰ আটাইতকৈ বয়সীয়াল ১৯৪ বছৰীয়া কাছক খাদ্য খুৱালে প্ৰধানমন্ত্ৰীয়ে

June 27, 2026 11:23 pm
কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

কেতনৰ সৈতে আঙুঠি পিন্ধোৱা পৰ্বৰ কেইদিনমান আগতেই চেতনৰ সৈতে ৰাজস্থানত পাঁচ দিন কটাই আহিছিল চিয়াই! কিয় কৰিলে হত্যা, পোহৰলৈ আহিল নতুন তথ্য

June 27, 2026 10:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd