NORTHEAST NOW (Assamese)

বাতিল হ’ল ৰাজ্যৰ পোন্ধৰখন বি এড কলেজৰ পঞ্জীয়ন; শিক্ষক-কৰ্মচাৰীৰ মাজত প্ৰতিক্ৰিয়া

August 17, 2019 9:33 am · এন ই নাও নিউজ
ছিপাঝাৰ বি এড মহাবিদ্যালয়। উৎস-ফেইচবুক

যোগ্য শিক্ষক আৰু প্ৰয়োজনীয় অন্তঃগাঠনিৰ অভাৱৰ বাবে ৰাষ্ট্ৰীয় শিক্ষক প্ৰশিক্ষণ পৰিষদে (এন চি টি ই) ৰাজ্যৰ ১৫ খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰে।

জানিব পৰা মতে, ৰাজ্যৰ শিক্ষা বিভাগৰ গাফিলতিৰ বাবে শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত চূড়ান্ত খেলিমেলি আৰু আন্তঃগাঠনিৰ অভাৱৰ বাবে এন চি টি ইয়ে এন সিদ্ধান্ত ল’বলৈ বাধ্য হয়।

উপযুক্তি আন্তঃগাঠনিৰ অভাৱ যেনে- প্ৰয়োজনীয় পুথিভঁৰাল, আলোচনা গৃহ, প্ৰশিক্ষণ গৃহ আদি অবিহনে এনে প্ৰশিক্ষণ মহাবিদ্যালয়সমূহ চলি আহিছিল বুলি দীৰ্ঘ দিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছিল।

তাৰোপৰি, শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত শিক্ষক হোৱাৰ নূন্যতম অৰ্হতা যেনে- এম এড অথবা নেশ্যনেল এলিজিবিলিটি টেষ্টত উত্তীৰ্ণ নোহোৱাকৈ বহু শিক্ষকে কাম কৰি আহিছিল।

এন চি টি ইয়ে পঞ্জীয়ন বাতিল কৰা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহৰ ভিতৰত কামৰূপ, যোৰহাট, ডিব্ৰুগড়, ওদালগুৰি আদি জিলাৰ কেইবখানো মহাবিদ্যালয়ৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত তথ্য মতে পঞ্জীয়ণ বাতিল হোৱা ১৫ খন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ভিতৰত কামৰূপ জিলাৰ ছয়গাঁৱৰ কে আৰ ডি কলেজ অব এডুকেশ্যন, ডিব্ৰুগড় জিলাৰ নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, যোৰহাটৰ কমলা বেজবৰুৱা স্মৃতি প্ৰশিক্ষণ মহাবিদ্যালয়, ধেমাজিৰ পোষ্ট গ্ৰেজুৱেট প্ৰশিক্ষণ মহাবিদ্যালয়, ছিপাঝাৰ বি এড মহাবিদ্যালয় আদিৰ নাম অন্তৰ্ভূক্ত হৈছে।

আনহাতে, ৰাজ্যৰ পোন্ধৰখনকৈ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ পঞ্জীয়ন বাতিল কৰাৰ পাছত মহাবিদ্যলয়সমূহত কৰ্তৰত শিক্ষক, কৰ্মচাৰীকে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

 

Related News