NORTHEAST NOW (Assamese)
Popular Stories

সিন্ধু জল সন্ধিৰ দ্বাৰা ভাৰতৰ কোনো লাভ নহ’ল, নেহৰুৱেও স্বীকাৰ কৰিছিল- দাবী প্ৰধানমন্ত্ৰী মোদীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 19, 2025 3:53 pm

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পুনৰ সিন্ধু জল সন্ধিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। মঙলবাৰে এন ডি এৰ সংসদীয় বৈঠকত মোদীয়ে কয় যে পাকিস্তানৰ সৈতে স্বাক্ষৰিত জল সন্ধি ভাৰতৰ কোনো লাভ নহ’ল বুলি দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহৰুৱে স্বীকাৰ কৰিছিল৷

মোদীয়ে অভিযোগ কৰে যে নেহৰুৱে দুবাৰকৈ দেশখন বিভক্ত কৰিছিল – প্ৰথমে ৰেডক্লিফ লাইনত, আৰু পিছলৈ এই জল সন্ধিৰ জৰিয়তে। তেওঁৰ ভাষাত, “সিন্ধু সন্ধিত ৮০ শতাংশ পানী পাকিস্তানক দিয়া হৈছিল। ই আছিল কৃষক বিৰোধী সিদ্ধান্ত। পিছত নেহৰুৱেও নিজৰ সচিবৰ জৰিয়তে স্বীকাৰ কৰিছিল যে এই সন্ধিৰ পৰা ভাৰত লাভৱান হোৱা নাছিল।”

উল্লেখ্য যে, ৯ বছৰীয়া আলোচনাৰ অন্তত ভাৰত আৰু পাকিস্তানে ১৯৬০ চনত সিন্ধু জল সন্ধিত উপনীত হয়, য’ত বিশ্ব বেংকো স্বাক্ষৰকাৰী আছিল। সেই চুক্তি অনুসৰি পশ্চিমৰ তিনিখন নদী – সিন্ধু, ঝেলুম আৰু চন্দ্ৰভাগ – পাকিস্তানক আবণ্টন দিয়া হৈছিল, আনহাতে ইৰাৱতী, বিপাশা আৰু ছতলেজ ভাৰতক আবণ্টন দিয়া হৈছিল।

শেহতীয়াকৈ ভাৰতে হেগস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ ৰায়ক পোনপটীয়াকৈ নাকচ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে উল্লেখ কৰিছে যে আদালতৰ “কোনো বিচাৰ ক্ষমতা নাই, কোনো বৈধতা নাই। গতিকে এই ৰায়দানে ভাৰতৰ পানী ব্যৱহাৰৰ অধিকাৰত কোনো প্ৰভাৱ পেলাব নোৱাৰে।”

তদুপৰি চলিত বৰ্ষৰ এপ্ৰিল মাহত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হৈছিল। ইয়াৰ পাছত ভাৰতে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত সাৰ্বভৌম ৰাষ্ট্ৰ হিচাপে সিন্ধু সন্ধি সাময়িকভাৱে স্থগিত ৰখাৰ সিদ্ধান্ত লয়। চৰকাৰে কয় যে, যেতিয়ালৈকে পাকিস্তানে বিশ্বাসযোগ্যভাৱে সন্ত্ৰাসবাদক সমৰ্থন কৰা বন্ধ নকৰে তেতিয়ালৈকে এই সন্ধি কাৰ্যকৰী নহ’ব।