NORTHEAST NOW (Assamese)
Popular Stories

মোডীয়ে এইবাৰ সলাই দিলে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰী’ৰ নাম 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 16, 2023 8:16 pm

শুকুৰবাৰে নৰেন্দ্ৰ মোডী চৰকাৰে দিল্লীস্থিত ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ৰ নাম সলনি কৰাৰ এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰে। নতুন সিদ্ধান্ত মৰ্মে ‘নেহৰু মেমৰিয়েল মিউজিয়াম এণ্ড  লাইব্ৰেৰী’ এতিয়াৰ পৰা ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ হিচাপে পৰিচিত হ’ব। 

কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ পিছতে এতিয়া ক্ষুব্ধ হৈ পৰিছে কংগ্ৰেছ। কংগ্ৰেছে নেহৰু মেমৰিয়েলৰ নাম সলনি কৰাত তীব্ৰ আপত্তি প্ৰকাশ কৰিছে। কংগ্ৰেছৰ নেতা সকলে কৈছে যে বিজেপিয়ে নেহেৰুৰ নাম আঁতৰাই দিলেও জনতাৰ অন্তৰৰ পৰা নেহেৰুৰ নাম কেতিয়াও মচি পেলাব নোৱাৰে।

দিল্লীৰ নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালটো এতিয়াৰে পৰা ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ হিচাপে অভিহিত কৰা হ’ব। 

উল্লেখ্য যে যিখন সভাত নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰালৰ নাম সলনি কৰি ’প্ৰাইম মিনিষ্টাৰ মিউজিয়াম এণ্ড চচাইটি’ কৰা হৈছিল সেইখন সভা সভাপতিত্ব কৰিছিল ৰাজনাথ সিঙে। উল্লেখ্য যে ৰাজনাথ সিং নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল সমিতিৰ উপ-সভাপতি।

কংগ্ৰেছে কৰা সমালোচনাৰ উত্তৰত ৰাজনাথ সিঙে কয় যে আমি দেশৰ সকলো প্ৰধানমন্ত্ৰীৰ অৱদান দেখুৱাব লাগিব, গতিকে গণতান্ত্ৰিক আদৰ্শৰ কথা চিন্তা কৰিয়েই এই নাম সলনি কৰা হৈছে।

আনহাতে, কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে টুইট কৰি কয়, “মোডী হৈছে সংকীৰ্ণ মনোভাৱ আৰু প্ৰতিশোধৰ আন এক নাম। ৫৯ বছৰতকৈও অধিক সময় ধৰি নেহৰু সোঁৱৰণী সংগ্ৰহালয় আৰু পুথিভঁৰাল বিশ্বব্যাপী গ্ৰন্থ আৰু আৰ্কাইভৰ ভঁৰাল হিচাপে জনাজাত হৈ আহিছে। নিৰাপত্তাহীনতা বোজাই কৰা এজন সংকীৰ্ণ মানুহে নৰেন্দ্ৰ মোডীৰ দৰে এনেবোৰ কাম কৰি ফুৰে।”

নেহৰু স্মৃতিসৌধৰ নাম সলনিৰ সন্দৰ্ভত কংগ্ৰেছৰ মুখপাত্ৰ গৌৰৱ বল্লভে কয় যে নেহৰু স্মৃতিসৌধৰ নাম সলনি কৰি এজন ব্যক্তিয়ে পুনৰবাৰ নিজৰ ক্ষুদ্ৰতা প্ৰদৰ্শন কৰিছে। প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰীৰ বক্তব্যৰ কথা উল্লেখ কৰি বল্লভে কয় – সৰু মনৰে কোনেও ডাঙৰ হ’ব নোৱাৰে। লগতে তেওঁ কয় যে আনৰ নাম মচি নিজকে মহান কৰি তোলা ব্যক্তিৰ কথা দেশবাসীয়ে ভাবিব নোৱাৰে।

বল্লভে শেষত কয় যে পণ্ডিতজীৰ নাম ১৪০ কোটি মানুহৰ অন্তৰত লিখা আছে, ইয়াক কেনেকৈ মচিব?