NORTHEAST NOW (Assamese)

চোৰ-ডকাইত নহয়, এটা সেউজীয়া চকুৰ মেকুৰী বিচাৰি চলাথ কৰিছে উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে, কিন্তু কিয়?

November 14, 2020 3:42 pm · এন ই নাও নিউজ

অপৰাধীৰ ৰম্যভূমিত পৰিণত হোৱা উত্তৰ প্ৰদেশত শেহতীয়াকৈ ৰাজ্য খনৰ আৰক্ষীক ব্যস্ত কৰি ৰাখিছে এটা  সাধাৰণ মেকুৰীয়ে।
চোৰড-ডকাইতৰ  সলনি মেকুৰী বিচাৰি হায়ৰাণ হোৱা আৰক্ষীয়ে উত্তৰ প্ৰদেশৰ গোৰখপুৰত বাস কৰা সকলোকে মেকুৰীটো ক’ৰৱাত দেখিলেই সেই কথা জনাবলৈ আবেদন জনাইছে।

আৰক্ষীক হায়ৰাণ কৰি ৰখা এই মেকুৰীটো এনে কি প্ৰজাতিৰ মেকুৰী যে ইয়াকলৈ ইমান চৰ্চা আৰম্ভ হৈছে?

দৰাচলতে মেকুৰীটোৰ গৰাকী নেপালৰ প্ৰাক্তন মুখ্য নিৰ্বাচন আয়ুক্ত  ইলা শৰ্মা।

ইলা শৰ্মাৰ স্বামী আকৌ ভাৰতৰ প্ৰাক্তন নিৰআচন আয়ুক্ত এছ ৱাই কুৰেশ্বি।

বুধবাৰে ৰাতিৰে পৰা গোৰখপুৰ ৰে’ল ষ্টেছনৰ পৰা সন্ধানহীন হৈ আছে মেকুৰীটো। গৰাকী ইলা শৰ্মাৰ সৈতে থকা অৱস্থাতে সেউজীয়া চকুৰ সেই মেকুৰীটো হঠাতে সন্ধানহীন হৈ পৰে।

মৰমৰ মেকুৰীটো বিচাৰি নাপাই কান্দি-কাটি বাঙলী হৈ পৰিছে ইলা শৰ্মা।

ইতিমধ্যে তেওঁ গোৰখপুৰ ষ্টেছনৰ লগতে ইয়াৰ দাঁতিকাছৰীয়া অঞ্চলত মেকুৰীটো সন্ধানহীন হোৱাৰ পোষ্টাৰ লগাইছে আৰু মেকুৰীটোৰ  সন্ধান দিব পৰা জনক ১৫ হাজাৰ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলিও ঘোষণা কৰিছে।

দুগৰাকী হাই প্ৰফাইল ব্যক্তিৰ মৰমৰ পোহনীয়া মেকুৰীটো বিচাৰি সেয়ে এতিয়া ভাগৰি পৰিছে আৰক্ষী। যদিও ইলা শৰ্মাই এই বিষয়ত কোনো এজাহাৰ দাখিল কৰা নাই তথাপি হাই প্ৰফাল লোক হোৱা বাবেই আৰক্ষীয়ে মেকুৰীটোৰ সন্ধান কৰিবলগীয়া হৈছে।

যি কি নহওঁক মেকুৰীটো চিনাক্ত কৰাত বহুতৰে বাবে বিশেষ অসুবিধা নহ’ব।

কাৰণ সম্পূৰ্ণ সেউজীয়া চকুৰ মেকুৰী খুব কমেইহে পোৱা যায়।

Related News