NORTHEAST NOW (Assamese)

১৭ আগষ্টৰ পৰা নেপালত পুনৰ আৰম্ভ হ’ব ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা

July 21, 2020 9:44 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালে ১৭ আগষ্টৰ পৰা সকলো ধৰণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা পুনৰ আৰম্ভ কৰিব বুলি নেপাল চৰকাৰে প্ৰকাশ কৰিছে।

নেপাল চৰকাৰৰ পৰ্যটন মন্ত্ৰী যোগেশ ভট্টৰায়ে ১৭ আগষ্টৰ পৰা নেপালে সকলো ধৰণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় যাত্ৰী বাহী বিমানৰ পুনৰ চলাচল আৰম্ভ কৰিব বুলি কয়।

মঙলবাৰে নেপালৰ প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ৰ বাসগৃহত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ অন্তত নেপাল চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে।

ক’ৰ’না মহামাৰীৰৰ পৰিপ্ৰেক্ষিতত বিগত মাৰ্চৰ মাহৰ পৰা নেপালত সকলো ধৰণৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় বিমান সেৱা বন্ধ আছিল।

আনহাতে, জন হোপকিংছ বিশ্ববিদ্যালয়ৰ তথ্য অনুসৰি নেপালত বৰ্তমানলৈ ১৭,৯৯৪ গৰাকী লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পাছৰে পৰা নেপাল চৰকাৰে ভাৰতৰ সৈতে থকা পূৰ্বৰ বন্ধুত্বপুৰ্ণ সম্পৰ্ক ব্যাহত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

বিগত সময়ছোৱাত নেপালৰ প্ৰধান মন্ত্ৰীয় কে পি শৰ্মা অ’লিয়ে বহুবাৰ ভাৰত বিৰোধী মন্তব্য দাঙি ধৰিছে।

Related News