NORTHEAST NOW (Assamese)
অসম

৮ জানুৱাৰিত স্তব্ধ হৈ পৰিব সমগ্ৰ উত্তৰ-পূব; নেছ’, আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ বন্ধ আহ্বান

Posted by: অনিৰ্বাণ পাঠক Updated by: অনিৰ্বাণ পাঠক January 5, 2019 6:46 pm
AASU and 30 organisatios

“নাগৰিকত্ব সংশোধনী বিধেয়ক শীঘ্ৰে গৃহীত হ’ব” বুলি কৈ প্ৰধান মন্ত্ৰী মোদীয়ে অসমত জুই জ্বলাই থৈ যোৱাৰ পিছত ক্ৰমে অধিক তীব্ৰ প্ৰতিবাদৰ অভিমুখে আগ বাঢ়িছে অসম তথা উত্তৰ-পূবৰ জাতীয় দল-সংগঠনবোৰ। বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ বাবে গঠিত জেপিচিয়ে প্ৰতিবেদন দাখিল কৰাৰ পিছদিনাই, অৰ্থাৎ ৮ জানুৱাৰিত সমগ্ৰ উত্তৰ-পূব স্তব্ধ কৰি দিবলৈ ওলাইছে বিভিন্ন দল-সংগঠনে।

আজি নেছ’ৰ অধ্যক্ষ ছেমুৱেল জেৰৱাই ৮ জানুৱাৰিত উত্তৰ-পূব বন্ধ ঘোষণা কৰাৰ লগতে অসমত আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনেও একেটা দিনতে অসম বন্ধৰ ঘোষণা কৰিছে।

আজি আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনৰ নেতৃত্বই হোটেল প্ৰাগ কণ্টিনেণ্টেলত অনুষ্ঠিত কৰা সংবাদমেলত এই অসম বন্ধৰ ঘোষণা কৰে। উক্ত সংবাদমেলৰ মাজতে শ্বিলঙৰ পৰা নেছ’ৰ অধ্যক্ষই ফোনযোগে উত্তৰ-পূব বন্ধ দিয়াৰ কথা জানিবলৈ দিয়ে। পুৱা ৫ বজাৰ পৰা আবেলি ৪ বজালৈ থাকিব বন্ধ সমগ্ৰ উত্তৰ-পূব। ফলত ভাৰতৰ মূল অংশৰ সৈতে যাতায়াত ব্যৱস্থা বন্ধ হৈ এক প্ৰকাৰৰ বিচ্ছিন্ন হৈ পৰিব উত্তৰ-পূব।

“উত্তৰ-পূবৰ ৰাইজৰ আন্দোলনক নসাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিচৰা কাৰ্য্যৰ প্ৰতিবাদত অনিচ্ছা সত্ত্বেও অসম বন্ধৰ ঘোষণা কৰিছো।” আছুৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্য্যৰ মন্তব্য।

আছু আৰু ৩০ জনগোষ্ঠীয় সংগঠনে এই বন্ধক সফল কৰি তুলিবলৈ ৰাইজলৈ আহ্বান জনাইছে।

আনহাতে, ইয়াৰ এদিন পূৰ্বে অৰ্থাৎ ৭ জানুৱাৰিত জেপিচিয়ে বিধেয়কখন সদনত দাখিল কৰা দিনটোক ‘ক’লা দিন’ হিচাপে পালন কৰিব আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে। সংগঠনকেইটাই সেইদিনা অসমৰ গাঁৱে-ভূঁৱে বিধেয়কখনৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ কৰিব।

ইয়াৰ পৰৱৰ্তী কাৰ্য্যসূচী হিচাপে আছু আৰু ৩০টা জনগোষ্ঠীয় সংগঠনে ২৩ জানুৱাৰিত গুৱাহাটীত ‘খিলঞ্জীয়াৰ বজ্ৰনিনাদ’ নামেৰে এক কাৰ্যসূচী গ্ৰহণ কৰিব। এই কাৰ্য্যসূচীত অংশগ্ৰহণৰ বাবেও সংবাদমেলত সংগঠনকেইটাই অসমৰ ৰাইজক আহ্বান জনায়।

উল্লেখযোগ্য যে আছুৱে যোৱা ১০ বছৰ ধৰি অসম বন্ধৰ আহ্বান জনোৱা নাছিল বুলি জানিবলৈ দিয়ে সমুজ্জ্বল ভট্টাচাৰ্য্যই। “আছুৱে ১০ বছৰ মূৰত অনিচ্ছাকৃতভাৱে বন্ধৰ কাৰ্যসূচীৰ ল’ব লগীয়া হৈছে”, ভট্টাচাৰ্যই কয়।

জেপিচিয়ে গুৱাহাটী, শিলচৰ আৰু শ্বিলঙৰ বাদে উত্তৰ-পূবৰ আন ঠাইলৈ গৈ শুনানি নোলোৱাকৈ দাখিল কৰিবলৈ লোৱা প্ৰতিবেদনক আংশিক প্ৰতিবেদন আখ্যা দিয়ে সমুজ্জ্বল ভট্টাচাৰ্য আৰু ছেমুৱেল জেৰৱাই।