NORTHEAST NOW (Assamese)

পেট্ৰ’ল, ডিজেল অথবা ইলেক্ট্ৰিচিটি একো নোহোৱাকৈ চলিব পৰা নতুন Apache 200 FiE100 মুকলি বজাৰত

July 13, 2019 11:59 am · এন ই নাও নিউজ
নতুন আপাচি বাইক

দেশৰ আগশাৰীৰ দুচকীয়া বাহন নিৰ্মাতা কোম্পানী টি ভি এছ ম’টৰছে শুকুৰবাৰে দেশৰ প্ৰথমখন ইথানল শক্তি চালিত বাইক মুকলি কৰে। মুকলি হোৱা টি ভি এছ আপাচি আৰ টি আৰ ২০০ এফ আই ই ১০০ বাহনখনৰ দাম হ’ব ১ লাখ ২০ হেজাৰ টকা।

কেন্দ্ৰীয় পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ মন্ত্ৰী নিতিন গাডকাৰীৰ উপস্থিতিত টি ভি এছৰ নতুন ইথানল চালিত বাইকখন মুকলি কৰা হয়।

পেট্ৰ’ল চালিত বাইকৰ তুলনাত ইথানল চালিত বাইকখনে পৰিবেশ প্ৰদূষণৰ হাৰো কমাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰা হৈছে।

বৰ্তমান ইথানল চালিত আপাচি বাইকখন কৰ্ণাটক, মহাৰাষ্ট্ৰ আৰু উত্তৰ প্ৰদেশতহে উপলব্ধ হ’ব।

ইথানল হৈছে চেনীৰ কিণ্বন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা এবিধ অ-বিষাক্ত গেছ যাক পেট্ৰ’লৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যায়। ইথানলে পেট্ৰ’লৰ তুলনাত অতি কম পৰিমানে কাৰ্বন আৰু নাইট্ৰ’জেনকে ধৰি অন্যান্য বিষাক্ত প্ৰদূষণকাৰী উপাদান নিষৰণ কৰে।

নতুনকৈ বজাৰত মুকলি কৰি দিয়া দুচকীয়া আপাচি বাহনখন ১৯৭.৭৫ চি চি ইঞ্জিন যুক্ত যি সাধাৰণ আপাচি বাহনৰ সৈতে একে। এই ইঞ্জিনটোৱে ২০ বি এইচ পি আৰু ১৮ নেনো মিটাৰ টৰ্কৰ কৰ্ম ক্ষমতা প্ৰদান কৰিব।

ইথানল চালিত আপাচি বাহনখনৰ সৰ্বোচ্চ গতিবেগ হ’ল ঘণ্টাত ১২৯ কিলোমিটাৰ। ফাইভ স্পীড  গিয়াৰ বক্সৰ সৈতে উপলব্ধ দুচকীয়া বাহনখনত ডিক্স ব্ৰেক, ট্ৰিপ মিটাৰ, লেপ মিটাৰ আদি সুবিধা উপলব্ধ হ’ব।

Related News