NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত নতুন কোভিড এছঅ’পি জাৰি; কি কি আছে নতুন নিৰ্দেশনাত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 19, 2021 12:03 pm
child-covid-test-750x375

ৰাজ্যখনৰ সামগ্ৰিক কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আজি অহা এসপ্তাহৰ বাবে নতুন এছঅ’পি জাৰি কৰা হৈছে। স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই

সেই অনুসৰি, মঙলবাৰে পুৱা ৫ বজাৰ পৰা আৰু এসপ্তাহৰ বাবে সম্পুৰ্ণ কণ্টেইনমেণ্টত জিলা হিচাপে থাকিব গোলাঘাট, যোৰহাট, লখিমপুৰ, বিশ্বনাথ আৰু শোণিতপুৰ।

মৰিগাঁও আৰু গোৱালপাৰা জিলাৰ ক্ষেত্ৰত নিয়ম কিছু শিথিল কৰা হৈছে।

দুপৰীয়া ১২ বজালৈ এই জিলা দুখনত দোকান-পোহাৰ খোলা থাকিব আৰু ৫ বজালৈ গেলামাল দোকান খোলা থাকিব।

তদুপৰি, ১ বজাৰ পৰা হ’ব সান্ধ্য আইন।

পূৰ্বে সম্পুৰ্ণ কণ্টেইনমেণ্ট জিলা হিচাপে আছিল মৰিগাঁও আৰু গোৱালপাৰা।

এই জিলা সাতখনক বাদ দি বাকী সকলো জিলাতে ৪ বজালৈ দোকান-পোহাৰ খোলা থাকিব।

সেইদৰে, ২৮ খন জিলাত পূৰ্বৰ দৰেই ৫ বজাৰ পৰা এইসমূহ জিলাত সান্ধ্য আইন বলৱৎ হ’ব।

ৰে’লৱে ষ্টেশ্যন আৰু বিমান বন্দৰ সমূহত উত্তৰ-পূবৰ জনসাধাৰণকো টেষ্টিং কৰা হ’ব।

ৰাজ্যত মদ বিৰোধী অভিযান জোৰদাৰ গতিত অব্যাহত থাকিব আৰু ইয়াৰ বাবে জিলা প্ৰশাসনসমূহলৈ কঠোৰ নিৰ্দেশনা।

আনহাতে,  ডিব্ৰুগড়, শিৱসাগৰ আৰু নগাঁও জিলাৰ পৰিস্থিতিৰ ওপৰত চোকা নজৰ থাকিব।

বিয়া-বাৰু, মৃতকৰ সৎকাৰ, শ্ৰাদ্ধ আদিত ১০ জনতকৈ অধিক লোক যাতে সমবেত নহয়, সেয়া কঠোৰভাৱে বলৱৎ কৰিবলৈ উপায়ুক্তসকলক চৰাকৰৰ পৰা নিৰ্দেশনা দিয়া হৈছে।

আনহাতে, ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইছলামধৰ্মী লোকসকলক অহা বুধবাৰৰ পৱিত্ৰ ঈদ উৎসৱ নিজৰ ঘৰতে পালনৰ বাবে ৰাজ্য চৰকাৰে অনুৰোধ জনাইছে।

মছজিদ-ঈদগাহত মাথোঁ ৫গৰাকী লোকেহে সমবেত হৈ ঈদৰ ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ অনুমতি পাব।