NORTHEAST NOW (Assamese)

মগজুৰ কৰ্কট ৰোগত নতুন ঔষধৰ যুগান্তকাৰী সফলতা! ৪০ বছৰীয়া ৰোগীৰ আৰোগ্যই দেখুৱালে আশাৰ ৰেঙণি

July 25, 2025 7:30 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 24, 2025 9:30 pm

মগজুৰ কৰ্কট ৰোগ, বিশেষকৈ ‘গ্লিঅব্লাষ্টোমা (Glioblastoma) দৰে মাৰাত্মক আৰু দুৰাৰোগ্য ৰোগক এতিয়াও চিকিৎসা বিজ্ঞানৰ এক বৃহৎ প্ৰত্যাহ্বান হিচাপে গণ্য কৰা হয়। এই ৰোগ এবাৰ তৃতীয় বা চতুৰ্থ পৰ্যায়ত উপনীত হলে, সম্পূৰ্ণ আৰোগ্য প্ৰায় অসম্ভৱ বুলি গণ্য কৰা হয়। কিন্তু সাম্প্ৰতিক সময়ত ইউনিভাৰ্চিটি কলেজ লণ্ডনৰ হাস্পতালত হোৱা এক গৱেষণাই দেখুৱাইছে আশাৰ ৰেঙণি।

গৱেষকসকলে সদ্য উন্নয়ন কৰা এক ইমিউনথেৰাপি-ভিত্তিক ঔষধেৰে ৪০ বছৰীয়া বেন ট্ৰটমেন নামৰ এজন ৰোগীক মগজুৰ কৰ্কট ৰোগীক আৰোগ্য কৰিবলৈ সক্ষম হৈছে। যদিও এই ঔষধৰ ক্লিনিকেল পৰীক্ষা এতিয়াও চলি আছে, তথাপি এই সফলতা চিকিৎসা ক্ষেত্ৰত এক গুৰুত্বপূর্ণ মাইলৰ খুটি হিচাপে বিবেচিত হৈছে।

বিশেষজ্ঞসকলে কয় যে, এই নতুন ইমিউনথেৰাপি প্ৰক্ৰিয়াই কেমোথেৰাপি আৰু ৰেডিঅথেৰাপিৰ বিকল্প হিচাপে বিকশিত হবলৈ সক্ষম। কেমো আৰু ৰেডিঅথেৰাপিয়ে আক্ৰন্ত কোষ ধ্বংস কৰাৰ সময়ত সুস্থ কোষবোৰো ক্ষতিগ্ৰস্ত কৰে, ফলত শৰীৰৰ সামগ্ৰিক ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। কিন্তু, ইমিউনথেৰাপীয়ে ৰোগীৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰি ক্ৰমান্বয়ে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম কৰি তুলে। এই চিকিৎসা পদ্ধতিত কোষবোৰৰ অস্বাভাৱিক ৰূপান্তৰ ধৰা পেলাই সুস্থ কোষ আৰু কলাবোৰক সজাগ কৰি তোলে।

গৱেষকসকলে দাবী কৰিছে, এই নতুন ঔষধে ইমিউনথেৰাপিৰ আধাৰত কাম কৰি শৰীৰৰ স্বাভাৱিক প্ৰতিৰোধ ক্ষমতাক পুনৰ সংগঠিত কৰে। ফলস্বৰূপে, ৰোগী নিজৰ শৰীৰ জড়িয়তে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। বেন ট্ৰটমেনৰ সফল আৰোগ্যই এই চিকিৎসাৰ সম্ভাৱনাৰ প্ৰমাণ স্বৰূপ।

তদুপৰি, বেনৰ দৰে বহু ৰোগীৰ ওপৰত এই ঔষধৰ ক্লিনিকেল পৰীক্ষা চলি আছে। গৱেষণা সফল হলে মগজুৰ কেন্সাৰৰ দৰে দুৰাৰোগ্য ৰোগৰ ক্ষেত্ৰত এক নতুন যুগৰ সূচনা হব বুলি চিকিৎসকসকলে আশা কৰিছে।

চিকিৎসা জগতত এই নতুন সম্ভাৱনাই কেৱল মগজুৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত নহয়, আন সকলোধৰণৰ কেন্সাৰৰ ক্ষেত্ৰতো এক আশাজনক দিশ উন্মোচন কৰিব পাৰে বুলি মত প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

Related News