NORTHEAST NOW (Assamese)

‘নতুন কৃষি আইন কৃষকৰ বাবে মৃত্যুদণ্ডৰ স্বৰূপ’, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

February 21, 2021 8:27 pm · এন ই নাও নিউজ

কেন্দ্ৰৰ বিতৰ্কিত তিনি নতুন কৃষি আইন সন্দৰ্ভত পুনৰ মন্তব্য প্ৰকাশ কৰিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰজিৱালে।

কেজৰিৱালে দেওবাৰে কয় যে নতুন কৃষি আইনসমূহ ‘কৃষকৰ বাবে মৃত্যুদণ্ড সদৃশ’।

পশ্চিম উত্তৰ প্ৰদেশ বিধান সভা সমষ্টিত অনুষ্ঠিত এক সভাত অংশগ্ৰহণ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে নতুন কৃষি আইনৰ বলত কিছু ক’ৰ্প’ৰেট গোষ্ঠীয়ে সমগ্ৰ কৃষি খণ্ড নিয়ন্ত্ৰণ কৰিব আৰু এই কৃষি আইনসমূহ কৃষকৰ কাৰণে মৃত্যুদণ্ড সদৃশ।

দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এই তিনি বিতৰ্কিত কৃষি আইনসমূহক ক’লা আইন বুলিও অভিহিত কৰে।

“অহা ২৮ ফেব্ৰুৱাৰিত মিৰাটত এক বিশাল ‘কিষাণ পঞ্চায়ত’ আয়োজন কৰা হ’ব য’ত এই আইনসমূহ আলোচনা কৰাৰ লগতে বাতিল কৰিবলৈ ভাৰত চৰকাৰলৈ আবেদন জনোৱা হ’ব,” দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়।

ৰাষ্ট্ৰীয় জাত মহাসংঘৰ নেতা ৰহিত জাকাড়ে উপস্থিত থাকি উক্ত সভাতে কেন্দ্ৰৰ বিতৰ্কিত কৃষি আইন বাতিলৰ লগতে স্বামীনাথনৰ পৰামৰ্শসমূহ কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰক দাবী জনায়।

উল্লেখ্য যে দেওবাৰে পশ্চিম উত্তৰ প্ৰদেশ বিধানসভা সমষ্টিত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেৰিজাৱেল কৃষক নেতাসকলৰ উদ্যোগত এক সভা অনুষ্ঠিত কৰিছিল।

উক্ত সভাত দিল্লী চৰকাৰৰ পৰিবহণ মন্ত্ৰী কৈলাশ গেহলট, পানী আৰু পৰ্যটন মন্ত্ৰী ৰাজেন্দ্ৰ পাল গৌতম আৰু আপৰ সাংসদ সঞ্জয় সিঙো উপস্থিত আছিল।

Related News