NORTHEAST NOW (Assamese)
অসম

কি আছে দেওবাৰে সন্ধিয়াৰ পৰা কাৰ্যকৰী হ’বলগীয়া আনলক ৩.০ৰ নতুন নিৰ্দেশনাত?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 2, 2020 11:45 am
Guwahati_Will_

ক’ৰ’ণা ভাইৰাছৰ মহা সংক্ৰমণৰ মাজতে কেন্দ্ৰীয় গৃহ দপ্তৰে অতি সতৰ্কতা অৱলম্বন কৰি ঘোষণা কৰা আনলক ৩.০ৰ নিৰ্দেশনা সমূহ ৰাজ্যত কাৰ্যকৰী কৰিবলৈ অসমৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগে কেতবোৰ বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

দেওবাৰে সন্ধিয়া ৭ বজাৰ পৰা এই নতুন নিৰ্দেশনা সমূহ বলবৎ হ’ব।

কি আছে এই নিৰ্দেশনাত চাওঁ আহক-

সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ পথৰ এটা ফালে দোকান খুলিব পাৰিব।

মল আৰু জিমনেছিয়াম সমূহ সোমবাৰৰ পৰা শুকুৰবাৰলৈ পথৰ এটা ফালে খুলিব পাৰিব।

শনিবাৰ আৰু দেওবাৰক বাদ দি সপ্তাহৰ আন দিন কেইটাত ৰেষ্টুৰেন্ট সমূহ কোভিড প্ৰট’কল আৰু সামাজিক দূৰত্বৰ নীতি মানি খুলিব পাৰিব।

কোভিড প্ৰট’কল মানি হোটেল সমূহ খুলিব পাৰিব।

সপ্তাহটোৰ দুটা বিশেষ দিন ক্ৰমে সোমবাৰ আৰু মঙলবাৰে আন্তঃজিলা ভ্ৰমণ কৰিব পাৰিব আৰু ইয়াৰ বাবে কোনো বিশেষ অনুমতিৰ প্ৰয়োজন নহ’ব।

বেংক,বীমাকে ধৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সকলো কাৰ্য্যালয়তে বিষয়া-কৰ্মচাৰী ১০০ শতাংশই উপস্থিত থাকিব লাগিব।অৱশ্যে গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

সামাজিক দূৰত্ব মানি মুকলি ঠাইত খেল-ধেমালি অনুষ্ঠিত কৰিব পাৰিব।

চিনেমা হল,পাৰ্ক,ৰাজহুৱা প্ৰেক্ষাগৃহ,ছুইমিং পুল, বাৰ আদি বন্ধ থাকিব।

অধিক লোকৰ সমাগম ঘটা সামাজিক,ৰাজনৈতিক,ক্ৰীড়া,মনোৰঞ্জন,শৈক্ষিক, ধৰ্মীয় আদি অনুষ্ঠান বন্ধ থাকিব।

সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সকলো লোকৰ যাতায়াত বন্ধ থাকিব।

শনি আৰু দেওবাৰে সকলো সময়তে যাতায়াত বন্ধ থাকিব।