NORTHEAST NOW (Assamese)
অসম

চাৰি ফুটতকৈও অধিক দীঘল লাওডোগা সাপ! দেশত পোৱা গ’ল বিৰল প্ৰজাতিৰ সন্ধান

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 13, 2024 8:51 am

বিশেষজ্ঞসকলে ভাৰতত এক নতুন প্ৰজাতিৰ সাপ উদ্ধাৰ কৰিছে। লাওডোগা প্ৰজাতিৰ সেই সাপটোৰ বৈজ্ঞানিক নাম ‘Ahetulla longirostris’। এই প্ৰজাতিৰ সাপ বিহাৰ আৰু মেঘালয়ৰ পাহাৰীয়া অঞ্চলত পোৱা গৈছে। 

বিশেষজ্ঞসকলৰ মতে এই প্ৰজাতিৰ সাপে আটাইতকৈ দীঘলীয়া দূৰত্বত বিষ নিক্ষেপ কৰি আক্ৰমণকাৰীক পৰাস্ত কৰিব পাৰে। সেইবাবেই বিশেষজ্ঞসকলে এই সাপটোৰ বৈজ্ঞানিক নামটোৰ সৈতে সাদৃশ্য বিচাৰি পাইছে। ইণ্ডিয়া টুডেৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

লগতে পঢ়কঃ ভাৰত-নেপাল সীমান্তত জব্দ ১৪০০ কুইণ্টল চীনা নহৰু! কৃত্ৰিম নহৰুক কেন্দ্ৰ কৰি শংকা বৃদ্ধি

মূলতঃ এই বিৰল প্ৰজাতিৰ সাপ ভাৰত, বাংলাদেশ, বিহাৰ, মেঘালয়কে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত পোৱা যায়। কিন্তু শেহতীয়াকৈ বিহাৰ আৰু মেঘালয়ৰ কেইবা ঠাইতো এই সাপৰ নমুনা পোৱা গৈছে।

সৰ্প বিশেষজ্ঞসকলে জনোৱা মতে, লাওডোগা নামেৰে জনাজাত এই প্ৰজাতিৰ সাপৰ মূল বাসস্থান হৈছে উৰিষ্যা। অৱশ্যে এই সাপ দেশৰ বিভিন্ন প্ৰান্তত দেখা পোৱা যায়। শেহতীয়াকৈ কেইবাখনো আলোচনীত সাপৰ প্ৰকৃতিৰ বিষয়ে কেইবাটাও তথ্য প্ৰকাশ পাইছে।

লগতে পঢ়কঃ আলু খালে সঁচাকৈয়ে শকত হয়! এই সন্দৰ্ভত কি কয় বিশেষজ্ঞসকলে? জানি লওক

বিশেষজ্ঞসকলে জনোৱা মতে, বহুদিন বিভিন্ন পৰীক্ষাৰ অন্তত বিহাৰ আৰু মেঘালয়ৰ কেইবাটাও অঞ্চলত এই নতুন প্ৰজাতিৰ সাপৰ সন্ধান পোৱা গৈছে। স্বাভাৱিকতে এই ৪ ফুট দীঘল সাপটোক লৈ দেশবাসীৰ কৌতুহল বৃদ্ধি পাইছে।