NORTHEAST NOW (Assamese)

Monkeypox: মাঙ্কিপক্সৰ বাবে নিউয়ৰ্কত ঘোষণা কৰা হৈছে জৰুৰীকালীন অৱস্থা

July 31, 2022 1:26 pm · এন ই নাও নিউজ, গুৱাহাটী

Monkeypox আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰত মাঙ্কিপক্সৰ সংক্ৰমণ বিয়পি পৰাৰ বাবে জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে। নিউয়ৰ্কৰ গভৰ্ণৰ কেথি হকুলে স্থানীয় সময় অনুসৰি শুকুৰবাৰে নিশা জৰুৰীকালীন অৱস্থা ঘোষণা কৰি সংক্ৰমণ প্ৰতিৰোধ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। চহৰখনত শনিবাৰৰ পৰা জৰুৰীকালীন অৱস্থা কাৰ্যকৰী কৰা হয়।

হাকুলে কয়, “মই নিউয়ৰ্কত মাঙ্কিপক্সৰ প্ৰাদুৰ্ভাৱৰ বিৰুদ্ধে যুঁজিবলৈ জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছো।‘’

লগতে পঢ়ক: ED at Sanjay Raut’s House: শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ ঘৰত ইডিৰ অভিযান; সন্মুখীন হ’ব পাৰে জেৰাৰ

গভৰ্ণৰ হাকুলে এক নিৰ্দেশ জাৰি কৰি কয়, “সমগ্ৰ দেশৰ ভিতৰতে নিউয়ৰ্কত মাঙ্কিপক্স সংক্ৰমণৰ ঘটনা সৰ্বাধিক। সমগ্ৰ দেশজুৰি মাঙ্কিপক্সৰ দ্বাৰা সংক্ৰমিত প্ৰতি চাৰিজনৰ ভিতৰত এজন নিউয়ৰ্ক চহৰৰ।‘’

তেওঁ কয়, “আমি দিনে ২৪ ঘণ্টা কাম কৰি আছোঁ। অধিক ভেকছিন নিশ্চিত কৰাৰ বাবে কাম কৰি আছো। একে সময়তে মাঙ্কিপক্স পৰীক্ষাৰ সক্ষমতা আৰু নিউয়ৰ্কৰ লোকসকলক সজাগ কৰিবলৈ চেষ্টা কৰি আছোঁ।‘’

Related News