DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ED at Sanjay Raut’s House: শিৱসেনাৰ নেতা সঞ্জয় ৰাউতৰ ঘৰত ইডিৰ অভিযান; সন্মুখীন হ’ব পাৰে জেৰাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 31, 2022 11:34 am
138
VIEWS
Share on FacebookShare on Twitter

ED officials conduct searches at Shiv Sena MP Sanjay Raut’s house প্ৰৱৰ্তন সঞ্চালকালয়ে (ইডি) দেওবাৰে পুৱাই মুম্বাইত উদ্ধৱ ঠাকৰেৰ ঘনিষ্ঠ শিৱসেনা নেতা সঞ্জয় ৰাউতৰ ঘৰত তালাচী চলায়। তদন্তকাৰী সংস্থাটোৱে কেন্দ্ৰীয় বাহিনীৰ সৈতে ৰাউতৰ ঘৰত অভিযান চলায়। পাত্ৰ চাওল ভূমি দুৰ্নীতিৰ গোচৰত ৰাউতৰ ঘৰত ইডিৰ এই অভিযান বুলি জানিব পৰা হৈছে।

ইয়াৰ পূৰ্বে মহাৰাষ্ট্ৰত উদ্ধৱ চৰকাৰৰ পতনৰ সময়ত গোচৰটোত ইডিয়ে ৰাউতক মাতি পঠিয়াইছিল। শিৱসেনাৰ নেতাজনে এই সন্দৰ্ভত ১ জুলাইত ইডি কাৰ্যালয়লৈ গৈছিল। সঞ্জয়ক পুনৰ ২০ জুলাইত ইডিয়ে মাতি পঠিয়াইছিল। কিন্তু তেওঁ উপস্থিত হোৱা নাছিল। তাৰ পিছত তেওঁক ২৭ জুলাইত পুনৰ মাতি পঠিওৱা হৈছিল।

লগতে পঢ়ক: ফেচবুক একাউন্টৰ ওপৰত অসম আৰক্ষীৰ শেনচকু; ফেচবুক পোষ্টৰ বাবেই কাৰাগাৰলৈ ৭০ বছৰীয়া বৃদ্ধ

শিৱসেনাৰ নেতাজনে সেই সময়ত তেওঁৰ অধিবক্তাৰ জৰিয়তে কৈছিল যে তেওঁ সংসদৰ অধিৱেশনত ব্যস্ত থকাৰ বাবে তদন্তকাৰী সংস্থাৰ কাৰ্যালয়ত উপস্থিত হ’ব নোৱাৰিব। ৰাউতে ইডিক তেওঁ ৭ আগষ্টৰ পিছত উপস্থিত হ’ব পাৰিব বুলি কৈছিল।

ইডিয়ে ইতিমধ্যে গোচৰটোত ৰাউতৰ কেইবাটাও সম্পত্তি বাজেয়াপ্ত কৰিছে। যোৱা এপ্ৰিলত ৰাউতৰ পত্নী বৰ্ষা আৰু তেওঁৰ দুই সহযোগীৰ ১১ কোটিতকৈও অধিক টকাৰ সম্পত্তি জব্দ কৰিছিল।

সেই সময়ত দাদৰ অঞ্চলত বৰ্ষাৰ ফ্লেট, আলিবাগত ৰাউতৰ সহযোগী সুজিত পাটকাৰৰ পত্নী স্বপ্না আৰু বৰ্ষা যৌথ সম্পত্তি বাজেয়াপ্ত কৰা হৈছিল।

লগতে পঢ়ক: Huge Cash recovered: পশ্চিমবংগৰ হাওৰাত গাড়ীৰ পৰা প্ৰায় ৪৯ লাখ টকা উদ্ধাৰ; ঝাৰখণ্ডৰ তিনি কংগ্ৰেছ বিধায়ক আটক

সূত্ৰসমূহৰ মতে ইডিৰ বিষয়াসকলে ৰাউতক বিত্তীয় খেলিমেলিৰ লগতেপত্নীৰ সম্পত্তিৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ সম্ভাৱনা আছে। ইপিনে, ৰাউতে বিত্তীয় খেলিমেলিৰ সকলো অভিযোগ অস্বীকাৰ কৰি আহিছে। শিৱসেনাৰ নেতাজনে দাবী কৰে যে তেওঁক ৰাজনৈতিক উদ্দেশ্যৰ বাবে লক্ষ্য কৰি লোৱা হৈছে।

ইডিৰ অভিযান সন্দৰ্ভত ৰাউতে টুইটাৰত লিখিছে, “মিছা প্ৰমাণৰ ওপৰত ভিত্তি কৰি মিছা অভিযান। মই শিৱসেনা এৰি নাযাওঁ… মই মৰিলেও, আত্মসমৰ্পণ নকৰো।জয় মহাৰাষ্ট্ৰ।‘’

खोटी कारवाई..
खोटे पुरावे
मी शिवसेना सोडणार नाही..
मरेन पण शरण जाणार नाही
जय महाराष्ट्र

— Sanjay Raut (@rautsanjay61) July 31, 2022

তেওঁ লগতে কৈছে, “মই এই দুৰ্নীতিৰ সৈতে জড়িত নহয়। শিৱসেনাৰ মুৰব্বী বালাচাহেব ঠাকৰেৰ শপত খাই এইকথা কৈছো… বালাচাহেবে আমাক যুঁজিবলৈ শিকাইছিল। মই শিৱসেনাৰ হৈ যুঁজ অব্যাহত ৰাখিম।‘’

ৰাউতে অভিযোগ কৰিছিল যে বিজেপিয়ে মহাৰাষ্ট্ৰৰ শিৱসেনাত ভাঙোন আনিবলৈ  ইডিক ব্যৱহাৰ কৰিছে। তেওঁ দাবী কৰিছিল যে ইডিৰ হেঁচাতেই বহু শিৱসেনাৰ নেতাই বিদ্ৰোহ ঘোষণা কৰি বিজেপিৰ সৈতে হাত মিলাইছিল।

Recent News

Dispur police station

নতুন স্থানলৈ স্থানান্তৰিত হ’ব দিচপুৰ আৰক্ষী থানা: জনালে গুৱাহাটীৰ আৰক্ষী আয়ুক্তই

benefits of fenugreek

মেথিশাকৰ উপকাৰিতাৰ বিষয়ে জানেনে? যদি নাজানে জানো আহক

Drugs Seized

গুজৰাটত হাজাৰ কোটিৰো অধিক মূল্যৰ ড্ৰাগছ জব্দ মুম্বাই আৰক্ষীৰ: এজনক গ্ৰেপ্তাৰ

Ranjan Gogoi Dhekiakhowa Barnamghar

ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd