• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে ইৰাণৰ সৈতে চলি থকা যুদ্ধত আমেৰিকা যিমানেই আত্মবিশ্বাসী নহওক কিয়, তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’ব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2026 10:34 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কূটনৈতিক আলোচনা অব্যাহত ৰখাৰ অচিলা লৈ আমেৰিকাই নতুন আক্ৰমণৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ উত্থাপন কৰিছে ইৰানে। একে সময়তে তেহৰানে সকীয়াই দিছে যে এনেকুৱা হ’লে ইৰানে প্ৰথমেই আক্ৰমণ কৰিব।

ইৰাণৰ আইন আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমা বিভাগৰ উপ-বিদেশ মন্ত্ৰী কাজেম ঘাৰিবাবাদীয়ে এই সতৰ্কবাণী প্ৰদান কৰে। তেওঁ কয় যে তেহৰানে প্ৰথমে আমেৰিকাই আক্ৰমণ কৰাৰ বাবে অপেক্ষা কৰি নাথাকে।

মধ্যপ্ৰাচ্যত আমেৰিকাৰ যুদ্ধ জাহাজ নতুনকৈ নিয়োগ কৰাৰ খবৰ পোৱাৰ সময়তে ইৰাণৰ উপ-বিদেশ মন্ত্ৰীয়ে এই সতৰ্কবাণী প্ৰদান কৰিছে।

Apply Now

বিষয়টোৰ সৈতে পৰিচিত আমেৰিকাৰ এজন বিষয়াই আল জাজিৰাক জনাইছে যে ইউ এছ এছ থিয়ডৰ ৰুজভেল্ট যুদ্ধজাহাজ ইতিমধ্যে মধ্যপ্ৰাচ্যত উপস্থিত হৈছে।

ইতিমধ্যে মধ্যপ্ৰাচ্যত আমেৰিকাৰ দুখন যুদ্ধ জাহাজ আছে। বিষয়াগৰাকীয়ে কয় যে বিমানবাহী জাহাজ ইউ এছ এছ থিয়ডৰ ৰুজভেল্টে তাত সেই দুখন সৈতে যোগ দিব। আমেৰিকাৰ চেণ্ট্ৰেল কমাণ্ড (চেণ্টকম)ৰ দায়িত্বত থকা এই অঞ্চলত এই অভিযান চলিব।

ইফালে ইৰাণৰ বৈদেশিক মন্ত্ৰী আব্বাছ আৰাঘচিয়ে সকীয়াই দিছে যে ইৰাণৰ সৈতে চলি থকা যুদ্ধত আমেৰিকা যিমানেই আত্মবিশ্বাসী নহওক কিয়, তেওঁলোকে পৰাজয়ৰ সন্মুখীন হ’ব লাগিব।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত আব্বাছ আৰাঘচিয়ে লিখিছে, “হাতত তৰোৱাল লৈ থকা মানুহৰ সন্মুখত আইনৰ কথা নক’ব – এইটো এজন ৰোমান সেনাপতিৰ কথা। অথচ শেষ সামৰিক অভিযানত তেওঁ দুৰ্ভাগ্যজনক পৰাজয় মানি ল’বলগীয়া হৈছিল। যদিও সংখ্যাৰ ফালৰ পৰা তেওঁ আগবাঢ়ি আছিল। তেওঁ যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰিছিল। পিছত তেওঁৰ শিৰচ্ছেদ কৰা হৈছিল।”

আৰাঘচিয়ে লগতে লিখিছে, “ইয়াতকৈ ভাল নীতিবাক্য হ’ল: যিসকলে অতীতক পাহৰি যায় তেওঁলোকেই ইয়াৰ পুনৰাবৃত্তি কৰিবলৈ বাধ্য হয়।”

চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ ওপৰত সৰ্বাত্মক আক্ৰমণ চলায়। যুদ্ধ আৰম্ভ হোৱাৰ পৰাই তেহৰানে হৰমুজ জলদ্বীপত জাহাজ চলোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰি আহিছে।

জাহাজসমূহে ইৰাণৰ অনুমোদিত পথসমূহ ব্যৱহাৰ কৰিব লাগিব। অনুমতি অবিহনে চলাচল কৰা জাহাজক দেশখনে নিয়মিতভাৱে লক্ষ্য কৰি লৈছে।

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে আমেৰিকাই ইৰাণৰ বন্দৰসমূহত নৌসেনাৰ অৱৰোধ আৰোপ কৰিছে। হৰমুজ জলদ্বীপেৰে তেল টেংকাৰ পাৰ হোৱাত সহায় কৰি আছে আমেৰিকান বাহিনীয়ে। যুদ্ধৰ পূৰ্বে বিশ্বৰ প্ৰায় এক পঞ্চমাংশ তেল এই পথেৰে কঢ়িয়াই নিয়া হৈছিল।

শেহতীয়াকৈ চেণ্টকমে দাবী কৰিছে যে তেওঁলোকে হৰমুজ জলদ্বীপৰ মূল জলপথৰ পৰা সকলো মাইন আঁতৰাই পেলাইছে। ইয়াৰ পূৰ্বে চেণ্টকমে যোৱা মাহত জনাইছিল যে গ্রীষ্মকালৰ পিছৰে পৰা তেওঁলোকে উপসাগৰীয় দেশসমূহক হৰমুজ জলদ্বীপৰ মাজেৰে ১.৫ বিলিয়ন বেৰেল ইন্ধন তেল ৰপ্তানি কৰাত সহায় কৰিছে৷

শেহতীয়াকৈ এক অন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ সৈতে হোৱা সাক্ষাৎকাৰত ইৰাণৰ সংসদৰ অধ্যক্ষ মহম্মদ বাঘেৰ গালিবাফে কয় যে ইৰাণৰ সৈতে আমেৰিকা আৰু ইজৰাইলে যুদ্ধ আৰম্ভ কৰাৰ আগৰ দৰে হৰমুজ জলদ্বীপৰ পৰিস্থিতি কেতিয়াও ঘূৰি নাহে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব?  জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

ফোন বা টিভি চাই চাই খাদ্য খালে বাঢ়ে ওজন! গুৰুতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ কি কৰিব? জানি লওক, বিশেষজ্ঞৰ পৰামৰ্শ

November 16, 2026 8:29 am
শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

শ্বেখ হাছিনাক বাংলাদেশৰ হাতত গতাই দিব নেকি ভাৰতে? ২০১৩ চনৰ চুক্তিৰ কোনটো সূত্ৰই বচাব পাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক?

November 15, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

মধ্যপ্ৰাচ্যলৈ যুদ্ধ জাহাজ প্ৰেৰণ কৰিলে আমেৰিকাই; আক্ৰমণৰ বাবে অপেক্ষা নকৰে অতিষ্ঠ ইৰাণে

November 16, 2026 10:34 am
বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

বেলুচ লিবাৰেচন আৰ্মীৰ শীৰ্ষ পদত পাকিস্তানী সেনাৰ প্ৰাক্তন কেপ্টেইন, জানেনে তেওঁৰ পৰিচয়?

November 16, 2026 9:29 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd