NORTHEAST NOW (Assamese)

ঘৰৰ ভিতৰত প্ৰৱেশ কৰি দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিলে সাংসদক, তীব্ৰ উত্তেজনা অব্যাহত

November 23, 2020 7:25 am · এন ই নাও নিউজ
Updated: November 23, 2020 7:29 am

এগৰাকী সাংসদৰ হত্যাকলৈ এতিয়া জ্বলি উঠিছে হিংসাৰ দাবানল।

শাসকীয় দলৰ এজন সাংসদক দুৰ্বৃত্তই ঘৰতে গুলীয়াই হত্যা কৰাৰ পিছতে ম্যানমাৰৰ বিভিন্ন প্ৰান্তত হিংসা বিয়পি পৰিছে।

ফলত দেশ খনৰ বহু ঠাইত কাৰ্ফিউ ঘোষণা কৰিবলৈ বাধ্য হৈছে চৰকাৰ।ম্যানমাৰৰ উত্তৰ অংশত অৱস্থিত শান প্ৰদেশৰ কিউকম নামৰ চহৰ খনত নেছনেল লীগ ফ’ৰ ডেম’ক্ৰেচি দলৰ সদ্য নিৰ্বাচিত সাংসদ হিতকে ঝাওক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পিছতে দেশ খনত উত্তেজনা বিয়পি পৰিছে।

জানিব পৰা মতে হিতকে ঝাও নামৰ সাংসদ গৰাকীয়ে কিউকম চহৰত থকা নিজৰ বাস ভৱনৰ সন্মুখত বহি থকাৰ সময়তে দুৰ্বত্তৰ দলে তেওঁৰ ঘৰত প্ৰৱেশ কৰে আৰু নিচেই কাষৰে পৰা সাংসদ গৰাকীক গুলীয়ায়।

এই আক্ৰেমণৰ পিছতে মাটিত ঢলি পৰা সাংসদ গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

শাসকীয় দলৰ সাংসদ গৰাকীক হত্যা কৰাৰ বাতৰি বনজুইৰ দৰে বিয়পি পৰাৰ পিছতে দেশ খনৰ বিভিন্ন প্ৰান্ত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ বাতৰি আহিছে।

ৰাজনৈতিক শত্ৰুতাৰ বাবেই নৱ নিৰ্বচিত সাংসদ হিতকে ঝাওক হত্যা কৰা হৈছে বুলি সন্দেহ কৰা হৈছে।

উল্লেখ্য শেহতীয়াকৈ ম্যানমাৰত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত আং চান ছ্যু কীৰ লীগ ফ’ৰ ডেম’ক্ৰেচি দলে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰাৰ সুবিধা পাইছে।

Related News