NORTHEAST NOW (Assamese)

দিচাংমুখতো পুনৰাবৃত্তি ঘটিব পাৰে নিমাতীঘাট কাণ্ডৰ

September 10, 2021 10:13 am · পাৰ্শ্বজ্যোতি গগৈ
Updated: September 10, 2021 10:35 am

অসম চৰকাৰৰ অভ্যন্তৰীণ জল পৰিবহন বিভাগৰ এটা কাৰ্যালয়।য

কাৰ্যালয় নহয়,  ই এক জিৰণি চৰাহে। এয়া আমাৰ কথা নহয়,  এগৰাকী বিভাগীয় কৰ্মচাৰীৰ মন্তব্য।

দুদিন পূৰ্বে নিমাতী ঘাটত  সংঘটিত হোৱা ফেৰী দূৰ্ঘটনাই সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে।

সকলোৱে সমালোচনা কৰিছে চৰকাৰ তথা চৰকাৰৰ অধীনত থকা আভ্যন্তৰীণ জল পৰিবহন বিভাগক।

৭৩ জন কৰ্মচাৰী থকা শিৱসাগৰৰ দিচাংমুখৰ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ কাৰ্যালয়টো এতিয়া কেৱল নামতহে আছে।

কাৰ্যালয়টোৰ দুৰৱস্থা দেখিলেই আপুনি গম পাব কিদৰে ৰাজ্যত চলি আছে এই বিভাগটো। কৰ্মচাৰী আহে আৰু চহী কৰি গুচি যায়। বিভাগৰ কৰ্মচাৰী বহিব পৰাৰ অৱস্থা নাই এই কাৰ্যালয়ত।

ফেৰীত নাই পৰ্যপ্ত লাইফ জেকেট। ইয়াৰ পৰিৱৰ্তে  জৰাজীৰ্ণ এই কাৰ্যালয়ত দীৰ্ঘদিনে পৰি আছে লাইফ জেকেট।

ইপিনে বিভাগৰ অধীনত থকা ফেৰী খনো লেচীক চলাবলৈ দি দায়িত্ব সামৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন বিজেপি চৰকাৰৰ বিয়াগোম বিভাগটোৱে।

যাৰ বাবে এতিয়া শংকিত হৈ পৰিছে দিচাংমুখৰ পৰা মাতমৰা পাৰঘাটলৈ দৈনিক যাত্ৰা কৰা যাত্ৰী সকল।

যিকোনো মূহুৰ্ততে নিমাতীঘাটৰ দৰে শোকাৱহ দুৰ্ঘটনা সংঘটিত হব পাৰে এই ফেৰী ঘাটত।

Related News