NORTHEAST NOW (Assamese)

ক’ৰ’না সংকট : কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে ২০২১ ৰ জুলাইলৈকে নাপাই মৰগীয়া বানচ

April 23, 2020 2:36 pm · এন ই নাও নিউজ
Updated: April 23, 2020 2:42 pm
প্ৰতিনিধিত্বমূলক চিত্ৰ

ক’ৰ’না ভাইৰাছৰ সংহাৰৰ বাবে দেশৰ আৰ্থিক ব্যৱস্থাত এতিয়া ভয়াবহ সংকটে দেখা দিছে। যাৰ ফলশ্ৰুতিত ভাৰত চৰকাৰে আজি এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা পৰিলক্ষিত হয়।

আজি বিত্ত মন্ত্ৰ্যালয়ে এক নিৰ্দেশনাৰ জৰিয়তে কেন্দ্ৰীয় কৰ্মচাৰীয়ে লাভ কৰিব লগীয়া মৰগীয়া বানচ ২০২১ চনৰ জুলাই মাহলৈকে নিদিয়ে বুলি ঘোষণা কৰে।

নিৰ্দেশনাটোত কোৱা হয় যে, ক’ৰ’না ভাইৰাছৰ সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলক ২০২০ ৰ ১ জানুৱাৰিৰ পৰা পাবলগীয়া মৰগীয়া বানচ প্ৰদান কৰা নহ’ব।

তদুপৰি ২০২০ৰ ১ জুলাইৰ পৰা পাবলগীয়া অতিৰিক্ত মৰগীয়া বানচো নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মৰগীয়া বানচ প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ পৰৱৰ্তী সিদ্ধান্ত কি হয় সেয়া ২০২১ চনৰ ১ জুলাইৰ পিছতহে জানিব পৰা যাব।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছে সৃষ্টি কৰা সংকটৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনিৰ বাজেট কৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ অংশ স্বৰূপে প্ৰতিৰক্ষা শিতানতো বাজেট হ্ৰাস কৰা পৰিলক্ষিত হৈছে।

ইয়াৰ উপৰি ভাৰত চৰকাৰে প্ৰধান মন্ত্ৰী, ৰাষ্ট্ৰপতি, সাংসদ, মন্ত্ৰীৰ মাহিলী দৰমহাৰ ৩০ শতাংশ কৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। কেৱল এয়াই নহয় দুবছৰৰ বাবে সাংসদ পুঁজিও বন্ধ কৰাৰ কথা ঘোষণা কৰিছে।

ক’ৰ’না ভাইৰাছ প্ৰতিৰোধৰ বাবে দেশত যোৱা ৪০ দিন ধৰি লকডাউন অব্যাহত আছে। যাৰ বাবে দেশত ভয়াবহ আৰ্থিক সংকটে দেখা দিছে।

Related News