NORTHEAST NOW (Assamese)
Popular Stories

দেশত নিষিদ্ধ নহয় ভাং, জনালে কেন্দ্ৰীয় চৰকাৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 8:47 pm
Cannabis in India

ভাৰতত সম্পূৰ্ণৰূপে নিষিদ্ধ নহয় ভাং! বহুতে নিষিদ্ধ বুলি কৈ আহিলেও সম্পূৰ্ণৰূপে নিষিদ্ধ নহয় মহাদেৱ শিৱৰ এই প্ৰসাদবিধ! এই কথা প্ৰকাশ কৰিছে মোদী চৰকাৰে।

আজি দিল্লী উচ্চ ন্যায়ালয়ত এখন আবেদনৰ শুনানি আছিল। আবেদনখনত ভাৰতত ভাং বৈধ কৰিবলৈ গোহাৰি জনোৱা হৈছিল। আবেদনখন প্ৰেৰণ কৰিছিল গ্ৰেট লিগেলাইজেচন মভমেণ্ট ইণ্ডিয়া ট্ৰাষ্ট নামৰ কৰ্ণাটকস্থিত এটা সংস্থাই।

আবেদনখনত কোৱা হৈছিল যে ক’ভিড-১৯ ৰোধ কৰিবলৈ ভাং তথা cannabinoids ফলপ্ৰসু হিচাপে বিবেচিত হোৱাৰ বাতৰি পোৱা গৈছে। সেয়ে ভাৰতৰ ক’ভিড পৰিস্থিতিৰ স’তে মুখামুখি হ’বলৈ ভাং বৈধ কৰিব লাগে।

কিন্তু শুনানিকালত চৰকাৰৰ তৰফৰ পৰা বহা এখন বিচাৰপীঠে কয় যে ভাৰতত আংশিকভাৱে ভাং অবৈধ নহয়। ইতিমধ্যে ভাৰতত চিকিৎসা, বৈজ্ঞানিক গৱেষণা আৰু উদ্যোগিক প্ৰয়োগত ভাং বৈধ হিচাপে গ্ৰহণ কৰা হৈছে।

ৰাজ্য চৰকাৰসমূহকো এইসমূহ নিয়ন্ত্ৰণ কৰিবলৈ দায়িত্ব দিয়া আছে। ক’ভিডৰ ঔষধ হিচাপে ভাঙৰ ব্যৱহাৰৰ প্ৰসংগটো অৱশ্যে অগ্ৰাহ্য কৰে চৰকাৰে।

উল্লেখযোগ্য যে ভাৰতৰ নাৰ্ক’টিক ড্ৰাগছ এণ্ড ছাইক’ট্ৰ’পিক চাবষ্টেঞ্চেছ এক্টৰ দ্বাৰা ভাঙ সেৱন অবৈধ বুলি বিবেচনা কোৱা হৈছে। উক্ত আবেদনখনত ইয়াক প্ৰত্যাহ্বান জনোৱা হৈছে।

ভাঙক চিকিৎসাসেৱাৰ স’তে জড়িত কৰিবলৈও ভাৰত চৰকাৰক ইয়াৰ দ্বাৰা আহ্বান জনোৱা হৈছিল।