NORTHEAST NOW (Assamese)
অসম

অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় “শ্ৰীত্ৰীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়” ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 11, 2022 7:57 pm
Sarbananda Sonowal

ডিব্ৰুগড়ৰ চাবুৱাত আজি অসমৰ প্ৰথমখন ক্ৰীড়া বিশ্ববিদ্যালয় “শ্ৰীশীঅনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়”ৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানৰ আৰম্ভণিতে মায়ামৰা সত্ৰ সম্প্ৰদায়ৰ প্ৰতিষ্ঠাপক শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱক শ্ৰদ্ধাৰে স্মৰণ কৰি সোণোৱালে কয় যে, “পৰম শ্ৰদ্ধাৰ গুৰু শ্ৰীথী অনিৰুদ্বদেৱৰ স্মৃতিত নিৰ্মাণ হ’বলগীয়া এই ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ জৰিয়তে কেৱল চাবুৱা সমষ্টি বা ডিব্ৰুগড় জিলাই নহয়, সমগ্ৰ অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ক্ৰীড়া প্ৰতিভাসমূহ বিশ্বৰ ক্ৰীড়া মানচিত্ৰত উজলি উঠিব।”

এনে এখন অগ্ৰণী প্ৰতিষ্ঠানৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিবলৈ পাই আনন্দ অনুভৱ কৰা বুলি মন্তব্য কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

ভাষণ প্ৰসঙ্গত তেওঁ কয়, “সুধাকণ্ঠ, ভাৰত ৰত্ন ভূপেনদাই গীতৰ মাজেৰে কৈছিল- ‘এই পৃথিৱী এক ক্ৰীড়াঙ্গন, ক্ৰীড়া হ’ল শান্তিৰ প্ৰাঙ্গণ’। ক্ৰীড়াৰ যোগেদি মানৱ সমাজে একতা আৰু শান্তিৰ বাৰ্তা বুটলিব পাৰে। এইক্ষেত্ৰত ক্ৰীড়া বিশ্ববিদ্যালয়খনৰ ভূমিকা হ’ব সুদূৰপ্ৰসাৰী।”

তেওঁ লগতে কয়, “বিশ্ববিদ্যালয় খনৰ সন্মুখত হিমালয়সদৃশ লক্ষ্য আৰু উদ্দেশ্য আছে। অসমৰ লগতে উত্তৰ-পূব ভাৰতৰ ক্রীড়া প্ৰতিভাসমূহক বিশ্বমানৰ প্ৰশিক্ষণ আৰু শিক্ষা প্ৰদান কৰাৰ উপৰিও এই প্ৰতিষ্ঠানখনে ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰৰ সৰ্বাংগীণ উত্তৰণত এক অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব বুলি আমি দৃঢ় বিশ্বাসী।”

ক্ৰীড়া বিজ্ঞান আৰু ক্ৰীড়া ঔষধ বৰ্তমান আধুনিক ক্ৰীড়াৰ তীব্ৰ প্ৰতিযোগিতামূলক যুগত অত্যন্ত গুৰুত্বপূৰ্ণ দিশ বুলি সোণোৱালে লগতে উল্লেখ কৰে৷

এই দিশ দুটাক গুৰুত্বসহকাৰে লৈ আগন্তক দিনত ক্ৰীড়া বিশ্ববিদ্যালয়খনে কাম কৰি যাব লাগিব আৰু তেতিয়াহে অসমৰ পৰা বিশ্বমানৰ অধিক খেলুৱৈ সৃষ্টি কৰিব পৰা যাব বুলি তেওঁ মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে উপস্থিত থাকে লখিমপুৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, মায়ামৰা মদাৰখাট সত্ৰৰ সত্ৰাধিকাৰ বৈষ্ণৱানন্দ গোষামী।

লগতে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী, মটক যায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধিসকল, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য জয়প্ৰকাশ বাৰ্মা, জিলা প্ৰশাসনৰ বিষয়ববীয়াসকল আৰু গণ্য-মান্য তথা বিশিষ্ট ব্যক্তিসকলেও অনুষ্ঠানটিত উপস্থিত থাকে।