NORTHEAST NOW (Assamese)

ইতিবাচক; দেশৰ ২১৬ খন জিলাত নাই এজনো ক’ৰ’না ৰোগী

May 8, 2020 9:07 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

ক’ৰ’না ভাইৰাছৰ সংহাৰ দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ভাৰতত। দেশত কঠোৰভাৱে ৪০ দিনীয়া লকডাউন পালন কৰাৰ পিছতো হ্ৰাস পোৱা নাই ক’ৰ’নাৰ সংক্ৰমণ।

শুকুৰবাৰে স্বাস্থ্য মন্ত্ৰ্যালয়ৰ যুটীয়া সচিবে এখন সংবাদমেল সম্বোধন কৰি কয় যে মহাৰাষ্ট্ৰৰ লগতে আন কেইবাখনো ৰাজ্যত ধাৰাবাহিকভাৱে ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাই আছে।

যুটীয়া সচিব গৰাকীয়ে লগতে কয় যে যিবিলাক অঞ্চলক কণ্টেনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে সেই সমূহ অঞ্চলত আৰু কঠোৰভাৱে কিছু নিয়ম প্ৰযোজ্য কৰিব লাগিব।

এই পৰ্যন্ত দেশৰ ২১৬খন জিলা ক’ৰ’নাৰ পৰা মুক্ত হৈ আছে বুলিও আজিৰ সংবাদমেলযোগে জানিবলৈ দিয়ে যুটীয়া সচিব গৰাকীয়ে।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ মতে, ৪২ খন জিলাৰ পৰা যোৱা ২৮ দিনত আৰু ২৯ খন জিলাৰ পৰা যোৱা ২১ দিনত এজনো লোক ক’ৰ’নাত আক্ৰান্ত হোৱা নাই।

ইয়াৰ উপৰি ৩৬ খন জিলাৰ পৰা যোৱা ১৪ দিনত আৰু ৪৬ খন জিলাৰ পৰা যোৱা ৭ দিনত এজনো লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱা নাই বুলিও জনায়।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ সচিব গৰাকীয়ে কয় যে দেশৰ পৰা ক’ৰ’না নিৰ্মূল কৰিবলৈ হ’লে প্ৰত্যেকগৰাকী লোকে এশ শতাংশ সহযোগ কৰিব লাগিব।

উল্লেখ্য যে দেশত এই পৰ্যন্ত প্ৰায় ৫৭ হাজাৰ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হোৱাৰ বিপৰীতে ১৮৮৬ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News