NORTHEAST NOW (Assamese)

ইমৰানৰ দুখ : পাকিস্তানক সহায়ৰ বাবে আগবাঢ়ি অহা নাই কোনো এখন দেশ

April 28, 2020 9:21 am · এন ই নাও নিউজ
ইমৰান খান, উৎস-ইণ্টাৰনেট

ক’ৰ’না ভাইৰাছৰ সংহাৰী ৰূপ অব্যাহত থকাৰ সময়তে পাকিস্তানত দেখা দিছে ভয়াবহ আৰ্থিক সংকট। এই সংকটৰ সময়তো পাকিস্তানক বিশ্বৰ কোনো এখন দেশে সহায়ৰ বাবে আগবাঢ়ি অহা নাই। এই কথা নিজ মুখে স্বীকাৰ কৰিছে দেশখনৰ প্ৰধান মন্ত্ৰী ইমৰান খানে।

ইমৰান খানে ছ’চিয়েল মিডিয়াত সাংবাদিকৰে হোৱা কথা বতৰাত উল্লেখ কৰি কয় যে তেওঁলোকক এই পৰ্যন্ত কোনো এখন দেশে এটা টকাও সহায় আগবঢ়োৱা নাই।

তেওঁ কয়, ‍‘মহামাৰীৰ পিছৰ সময়খিনি বিশ্বৰ লগতে পাকিস্তানৰ বাবে বৃহৎ প্ৰত্যাহ্বান হিচাপে বিবেচিত হ’ব। মই লকডাউনৰ পক্ষত নাছিলে। কিয়নো ইয়াৰ ফলত শ্ৰমিক আ্‌ৰু দিন হাজিৰা কৰা লোকসকল বেয়াকৈ ক্ষতিগ্ৰস্ত হয়’।

প্ৰধান মন্ত্ৰী খানে দেশখনৰ বিত্তীয় পৰিস্থিতি গভীৰ উদ্বেগজনক বুলি মন্তব্য কৰি কোনো দেশ তথা সংস্থাই সহায় নকৰাৰ বাবে ক্ষেদ প্ৰকাশ কৰে।

উল্লেখ্য যে, পাকিস্তানত এই পৰ্যন্ত ১৩ হাজাৰ লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ বিপৰীতে ২৮১ গৰাকী লোক মৃত্যুমখত পৰিছে।

Related News