NORTHEAST NOW (Assamese)

সঁচাকৈয়ে মোডীয়ে ৰে’ল ষ্টেছনত চাহ বিক্ৰী কৰিছিল নে? ৰে’ল বিভাগৰ হাতত নাই কোনো তথ্য

August 26, 2020 2:43 pm · এন ই নাও নিউজ

‘চাইৱালা নৰেন্দ্ৰ মোডী’ কথাষাৰ নিৰ্বাচনৰ আগে আগে প্ৰতিবাৰেই বৰকৈ প্ৰচাৰ হৈ আহিছে।

এজন সাধাৰণ চাহ বিক্ৰেতাই কিদৰে নিজৰ অদম্য ইচ্ছা শক্তিৰ বলত দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিস্থিত হ’ব পাৰিছে সেয়া বহুতেই ৰূপকথাৰ সাধুৰ দৰে প্ৰচাৰ কৰি আহিছে।

কিন্তু সঁচাকৈয়ে ভাডনগৰ ৰে’ল ষ্টেছনত মোডীৰ পিতৃ দামোদৰ দাস মোডীৰ চাহৰ দোকান আছিল নে,য’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাম কৰিছিল?

এই সন্দৰ্ভত সাধাৰণ লোকতো বাদেই খোদ ৰে’ল বিভাগৰ হাততো নাই কোনো তথ্য।

সাধাৰণতে ৰে’ল ষ্টেছনত থকা দোকানৰ তথ্য ৰে’ল বিভাগৰ হাতত থাকে যদিও মোডীৰ চাহৰ দোকানৰ কোনো তথ্য ৰে’ল বিভাগৰ হাতত নাই।

শেহতীয়াকৈ হাৰিয়ানাৰ অধিবক্তা পৱন পাৰেখে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত আহমেদাবাদৰ ৰে’ল বিভাগৰ মুখ্য তথ্য বিষয়াৰ ওচৰত মোডীৰ পিতৃৰ চাহৰ দোকান খনৰ তথ্য বিচাৰি আবেদন জনাইছিল।

দোকান খন কেতিয়া পঞ্জীয়ন কৰা হৈছিল সেই বিষয়েও জানিব বিচৰা হৈছিল।

ৰে’ল বিভাগৰ তথ্য বিষয়া গৰাকীয়ে প্ৰথমাৱস্থাত তেনে কোনো আবেদন পোৱা নাই বুলি কৈছিল যদিও পিছত পুনৰ আবেদন কৰাত মুখ্য তথ্য বিষয়া গৰাকীয়ে কয় যে ভাডনগৰ ৰে’ল ষ্টেছনত মোডীৰ পিতৃৰ তেনে কোনো চাহৰ দোকান থকাৰ কথা ৰে’ল বিভাগে নাজানে।

এই বিষয়ে কোনো তথ্যও মজুত নাই। ইয়াৰ পিছতে আবেদনকাৰী অধিবক্তা গৰাকীয়ে কেন্দ্ৰীয় তথ্য আয়ুক্তৰ ওচৰত আবেদন জনাই একে উত্তৰেই পালে।

সেয়ে বহুতৰে মনত প্ৰশ্নৰ উদয় হৈছে সঁচাকৈয়ে মোডীৰ চাহ দোকান আছিল নে?

Related News