NORTHEAST NOW (Assamese)

এইবাৰ কি কাৰণে এইদৰে ভাইৰেল হৈ পৰিছে নোৰাৰ ফটো?

January 22, 2021 2:40 pm · এন ই নাও নিউজ

বলীউদত আইটেম ছং ড্যান্সাৰ হিচাপে সম্প্ৰতি শীৰ্ষস্থানত আছে নোৰা ফাতেহি। সেইদৰে চলচ্চিত্ৰতো সুযোগ পাইছে নোৰাই।

শেহতীয়াকৈ নোৰাই তেওঁৰ ইনষ্টাগ্ৰামত ফটোশ্বুটৰ এখন ছবি শ্বেয়াৰ কৰিছে।

মুকুতাৰে প্ৰস্তুত কৰা অন্তৰ্বাস পৰিধান কৰা নোৰাৰ এই ছবি শ্বেয়াৰ কৰাৰ পাছতেই ভাইৰেল হৈ পৰিছে। এই ছবিয়ে ছচিয়েল মিডিয়াত একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিছে।

ইনষ্টাগ্ৰামত ছবিখনে লাইক পাইছে প্ৰায় ১৪লাখ ৬০হাজাৰতকৈয়ো বেছি।

নোৰা ফাতেহি এগৰাকী কানাডিয়ান ড্যান্সাৰ, মডেল, অভিনেত্ৰী তথা গায়িকা। কানাডাত ডাঙৰ-দীঘল হোৱা নোৰা মৰক্কো-কানাডিয়ান পৰিয়ালৰ পৰা অহা সুন্দৰী।

অৱশ্যে, বিভিন্ন প্লেটফৰ্মত নোৰাই নিজকে ‘অন্তৰেৰে ভাৰতীয়’ বুলি পৰিচয় দি আহিছে।

বলীউদত নোৰাই ‘ৰ’য়াৰ: টাইগাৰ্ছ অফ দ্য সুন্দৰবনছ’ ছবিৰ জৰিয়তে ভুমুকি মাৰিছিল।

Related News