NORTHEAST NOW (Assamese)

এগৰাকী চিৰিয়েল ধৰ্ষণকাৰীক ৮৯৭ বছৰৰ কাৰাদণ্ড : কোন এই অপৰাধী গৰাকী?

December 19, 2020 8:08 pm · এন ই নাও নিউজ

এগৰাকী চিৰিয়েল ধৰ্ষণকাৰীক এখন দেশে ৮৯৭ বছৰৰ কাৰাদণ্ড বিহিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেলিফ’ণিয়াৰ এক আদালতে ৰয় চালৰ্ছ ৱালাৰ নামৰ চিৰিয়েল ধৰ্ষণকাৰীজনক ধৰ্ষণৰ লগতে একাধিক অপৰাধত দোষী সাৱস্ত্য কৰি ৮৯৭ বছৰৰ কাৰাদণ্ড বিহিছে।

ৰয় চালৰ্ছ ৱালাৰে ১৯৯১ৰ পৰা ২০০৬ চনলৈ ৪৫ বছৰৰ বয়সত ৱালাৰে কেলিফ’ণিয়াৰ বিভিন্ন এলেকাত ৯ গৰাকী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল।

ৰয় চালৰ্ছ ৱালাৰে কেৱল ধৰ্ষণজনিত অপৰাধ সংঘটিত কৰিয়ে ক্ষান্ত হোৱা নাছিল। ৱালাৰৰ বিৰুদ্ধে আদালতত ৪৬ টা অপৰাধৰ গোচৰ চলিছিল।

ধৰ্ষণৰ লগতে ইয়াৰ ভিতৰত বিদেশী নাগৰিকক অবৈধভাৱে আমেৰিকাত প্ৰৱেশ কৰোৱাৰ দৰে বৈআইনী কামো কৰিছিল ৱালাৰে।

১৫ বছৰ ধৰি চলা শুনানিৰ অন্তত বৰ্তমানৰ ৬০ বছৰীয়া ৰয় চাৰ্লছ ৱালাৰক আদালতে ৮৯৭ বছৰজোৰা কাৰাদণ্ড বিহিছে।

Related News