NORTHEAST NOW (Assamese)
অসম

নাগৰিকত্ব বিধেয়ক, ৬ জনগোষ্ঠীৰ জনজাতিকৰণ আৰু বড়োক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদাৰ বিৰোধিতাত স্তব্ধ ডিমা হাচাও

Posted by: পংকজকুমাৰ দেব February 11, 2019 7:29 pm

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী আৰু ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্য্যাদা তথা বড়োসকলক ডিমা হাচাও আৰু কাৰ্বি আংলঙত পাৰ্বত্য জনগোষ্ঠীৰ মৰ্য্যাদা দিয়া সিদ্ধান্তৰ বিৰোধিতাত আজি হাফলঙৰ হিলছ ট্ৰাইব ষ্টুডেন্টছ এছ’চিয়েশ্যনে (এইচ টি এছ এ) আহ্বান জনোৱা ১২ ঘণ্টীয়া ডিমা হাচাও জিলা বন্ধত স্তব্ধ হৈ পৰে পাহাৰীয়া জিলাখন।

পুৱা ৫ বজাৰ পৰা আৱেলি ৫ বজালৈকে চলা বন্ধৰ সময়ছোৱাত জিলাখনৰ মাইবাঙ, মাহুৰ, লাঙটিং, হাতিখালী, হাৰাঙ্গাজাও, ডিটকচৰা, দিয়ুঙব্ৰা, দেহাঙ্গী, উমৰাঙচুত স্বাভাৱিক জনজীৱন স্তব্ধ হৈ পৰা পৰিলক্ষিত হয়। আনকি চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, বেঙ্ক, প’ষ্ট অফিচ আদিৰ উপৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদ সচিবালয়ও বন্ধ থাকে। অৱশ্যে জিলা উপায়ুক্তৰ কাৰ্যালয় খোলা থাকে যদিও কৰ্মচাৰীৰ উপস্থিতি নাছিল।

এইচ টি এছ এৰ সভাপতি প্ৰমিত চেঙগুইনে কয়, ‘কেন্দ্ৰীয় চৰকাৰে জোৰকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক পাছ কৰাৰ কাৰণে উঠি পৰি লাগিছে যদিও আমাৰ আন্দোলন অব্যাহত থাকিব। অকল নাগৰিকত্ব বিধেয়কে নহয় ৰাজ্যৰ অগ্ৰসৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আৰু বি এল টি চুক্তিৰ যোগেদি ডিমা হাচাও আৰু কাৰ্বি আংলঙত বড়োসকলক পাৰ্বত্য জনজাতিৰ মৰ্য্যাদাৰ দিয়াৰো তীব্ৰ বিৰোধিতা কৰোঁ।’