NORTHEAST NOW (Assamese)

আই এছ এলৰ তালিকাৰ শীৰ্ষত নৰ্থ ইষ্ট য়ুনাইটেড : অধিনায়কৰ হেটট্ৰিকেৰে ঘৰতে হৰুৱালে চেম্পিয়ন চেন্নাই এফ চিক

October 19, 2018 9:47 am · এন ই নাও নিউজ
Updated: October 19, 2018 10:08 am
নৰ্থ ইষ্ট য়ুনাইটেডৰ অধিনায়ক বাৰ্থালমেউ অগবেছেইৰ উল্লাস।

আই এছ এলৰ কালিৰ এখন খেলত দুৰ্দান্ত প্ৰদৰ্শনেৰে নৰ্থ ইষ্ট য়ুনাইটেডে শক্তিশালী চেন্নাইক তেওঁলোকৰ ঘৰুৱা খেলপথাৰতে ৪-৩ গ’লত পৰাজিত কৰে।

প্ৰথমে দুগ’লত আগ বাঢ়ি থাকিও চেন্নাই শেষ মুহূৰ্তত নৰ্থ ইষ্ট য়ুনাইটেডৰ হাতত পৰাজিত হ’ব লগীয়া হয়। প্ৰথম অৰ্ধ পৰ্য্যন্ত খেল ৩-৩ গ’লত ড্ৰ হৈ আছিল।

নৰ্থ ইষ্ট য়ুনাইটেডৰ ৰলিন বৰ্জেছৰ আত্মঘাতী গ’লেৰে চেন্নায়ে খেলৰ প্ৰথম ৪ মিনিটতে অগ্ৰগতি পাইছিল। তাৰ পিছত আকৌ ১৫ মিনিটত দ্বিতীয়টো গ’ল কৰে তেওঁলোকৰ থই সিঙে। ঘৰুৱা দৰ্শক উল্লসিত হৈ পৰাৰ সময়তে নৰ্থ ইষ্ট য়ুনাইটেডৰ অধিনায়ক নাইজেৰিয়াৰ বাৰ্থলমেউ অগবেছেই (Bartholomew Ogbeche) এটা গ’ল পৰিশোধ কৰে। প্ৰথম অৰ্ধ শেষ হোৱাৰ প্ৰাক মুহূৰ্তত পুনৰ অগাপিছাকৈ নৰ্থ ইষ্ট য়ুনাইটেডে দুটা গ’ল (দুয়োটা বাৰ্থালমেউ অগবেছেই দিয়ে) আৰু চেন্নায়ে এটা গ’ল দিয়ে। ফলত প্ৰথম অৰ্ধ অন্ত পৰে ৩-৩ গ’লত।

কিন্ত প্ৰথম অৰ্ধত আত্মঘাতী গ’লেৰে নিজৰ দলক বিপদত পেলোৱা, নৰ্থ ইষ্ট য়ুনাইটেডৰ তাৰকা ফুটবলাৰ গোৱাৰ ৰলিন বৰ্জেছে দ্বিতীয়াৰ্ধৰ প্ৰথম ভাগতে এটা দৰ্শনীয় গ’লেৰে দলক বিজয়ৰ বাট দেখুৱায়। চেন্নায়ে আপ্ৰাণ চেষ্টা কৰিও শেষ পৰ্য্যন্ত এই গ’ল পৰিশোধ কৰিব নোৱাৰিলে। নৰ্থ ইষ্ট য়ুনাইটেডৰ এই জয়ত তিনিটাকৈ গ’ল দিয়া অধিনায়ক বাৰ্থলমেউ অগবেছেইৰ ভুমিকা সৰ্বাধিক পৰিগণিত হয়।

এই জয়েৰে নৰ্থ ইষ্ট য়ুনাইটেড তালিকাৰ শীৰ্ষত অৱস্থান কৰিছে। তাৰ বিপৰীতে আগৰবাৰৰ চেম্পিয়ন চেন্নাইৰ অৱস্থান তালিকাৰ একেবাৰে তলত।

নৰ্থ ইষ্ট য়ুনাইটেডে এই পৰ্য্যন্ত ৩খন খেলৰ ২খনতে জয় লাভ কৰিছে আৰু আন এখন ড্ৰ খেলিছে। দলটোৰ পইণ্ট হ’ল ৭।

Related News