NORTHEAST NOW (Assamese)

কি ঘটিছে বিশ্বত! ৰাছিয়া দিৱসত পুটিনক ‘পূৰ্ণ সমৰ্থন’ৰ প্ৰস্তাৱ কিম জঙৰ

June 13, 2023 7:35 am · এন ই নাও নিউজ, গুৱাহাটী
কিম জঙ আৰু ভ্লাডিমিৰ পুটিন। ফটো: সংগ্ৰহীত।

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ প্ৰেৰণ কৰা এক বাৰ্তাযোগে মস্কোক নিজৰ দেশৰ “সম্পূৰ্ণ সমৰ্থন আৰু একতা”ৰ প্ৰস্তাৱ আগবঢ়াইছে। সোমবাৰে কিমে ৰাছিয়াৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে অভিনন্দন জনাই বাৰ্তা প্ৰেৰণ কৰে।

উত্তৰ কোৰিয়াৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক থকা কেইখনমান দেশৰ ভিতৰত ৰাছিয়া অন্যতম। উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কোৰিয়ান চেন্ট্ৰেল নিউজ এজেন্সি (কেচিএনএ)য়ে প্ৰকাশ কৰিছে কিমৰ বাৰ্তা। কিন্তু বাৰ্তাটোত ইউক্ৰেইনৰ ওপৰত প্ৰত্যক্ষ আক্ৰমণ বা সশস্ত্ৰ সংঘাতত মস্কো জড়িত হোৱাৰ কথা উল্লেখ নকৰাকৈ শত্ৰুৰ পৰা ক্ৰমাৎ বৃদ্ধি পোৱা ভাবুকি ব্যৰ্থ কৰিবলৈ পুটিনৰ “সঠিক সিদ্ধান্ত আৰু দিশ”ৰ প্ৰশংসা কৰা হৈছে।

লগতে পঢ়ক: অচিনাকি ব্যক্তিৰ সৈতে কৰিছিল মদ্যপান; নিচাগ্ৰস্ত অৱস্থাত নিজৰ গাড়ীৰ পৰা তেওঁকে নমাই থৈ গাড়ী লৈ গুচি গ’ল ব্যক্তি

তদুপৰি, সাম্ৰাজ্যবাদীৰ অত্যাচাৰ আৰু স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে নিজৰ দেশৰ সাৰ্বভৌম অধিকাৰ, উন্নয়ন আৰু স্বাৰ্থ ৰক্ষাৰ বাবে চলি থকা সৰ্বাত্মক সংগ্ৰামত উত্তৰ কোৰিয়াৰ জনসাধাৰণে ৰাছিয়াৰ জনসাধাৰণৰ প্ৰতি সম্পূৰ্ণ সমৰ্থন আৰু একতা প্ৰকাশ কৰাটোও বাৰ্তাটোত উল্লেখ কৰা হৈছে।

ইউক্ৰেইনত যুদ্ধ আৰম্ভ হোৱাৰ পিছত মস্কোৰ সমৰ্থনত পিয়ংইয়াঙৰ পৰা এইটোৱেই হৈছে শেহতীয়া বাৰ্তা। উত্তৰ কোৰিয়াই ইউক্ৰেইনৰ সংঘাতক ৰাছিয়া ধ্বংস কৰিবলৈ আমেৰিকাৰ “ছাঁয়া যুদ্ধ” বুলি অভিহিত কৰি কিয়েভলৈ পশ্চিমীয়া সামৰিক সাহায্যক গৰিহনা দিছে।

লগতে পঢ়ক: বিস্ময়! বিমান দুৰ্ঘটনাৰ পৰা ৰক্ষা পোৱা চাৰিটা শিশু কেনেকৈ গভীৰ জংঘলত বাচি থাকিল ৪০ দিন

উল্লেখ্য যে জানুৱাৰী মাহত আমেৰিকাই ৰাছিয়াৰ ভাড়াতীয়া গোট ৱেগনাৰে উত্তৰ কোৰিয়াই ৰকেট আৰু মিছাইল যোগান ধৰাৰ অভিযোগ উত্থাপন কৰিছিল। অৱশ্যে উত্তৰ কোৰিয়াই এই অভিযোগ অস্বীকাৰ কৰিছে।

Related News