NORTHEAST NOW (Assamese)

‘তোমাৰ অবিহনে এই সকলোবোৰৰ একো অৰ্থ নাই’-  উৰণৰ পূৰ্বে সুভাংশুৱে পত্নীক দিলে স্নেহবাৰ্তা…

June 25, 2025 9:39 pm · এন ই নাও নিউজ, গুৱাহাটী

মহাকাশচাৰী সুভাংশু শুক্লাই বুধবাৰে ইতিহাস ৰচনা কৰে। ৰাকেশ শৰ্মাৰ পিছত মহাকাশ ভ্ৰমণ কৰা তেওঁ দ্বিতীয়জন ভাৰতীয়। এক্সিয়াম-৪ অভিযানৰ অংশ হিচাপে সুভাংশুৱে এই কৃতিত্ব অৰ্জন কৰিছিল। আৰু ইয়াৰ বাবে তেওঁ সহকৰ্মী আৰু শুভাকাংক্ষীসকলক ধন্যবাদ জনায়। অৱশ্যে পত্নী কামনা শুক্লাক এই বিশেষ বাৰ্তা প্ৰদান কৰে। সুভাংশু কি কলে পত্নীক?

উল্লেখ্য যে, লক্ষ্ণৌৰ এখন প্ৰাথমিক বিদ্যালয়ত সুভাংশু আৰু কামনা প্ৰথম লগ পাইছিল। তৃতীয় শ্ৰেণীৰ পৰা একেলগে পঢ়া। পিছলৈ বন্ধুত্বৰ বিকাশ ঘটে এক গভীৰ সম্পৰ্কলৈ। তাৰ পিছত ২০০১ চনত সুভাংশু আৰু কামনাই এক অনুষ্ঠানত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ এটা ছবছৰীয়া পুত্ৰও আছে। স্বাভাৱিকতে সুভাংশুৰ মহাকাশ অভিযানক লৈ পৰিয়ালটো চিন্তিত হৈ পৰিছিল। হয়তো কামনাৰ বাহিৰে আন কোনোৱেই নাজানে সুভাংশুৰ মনৰ ভিতৰত কি চলি আছিল। গতিকে মহাকাশ কেন্দ্ৰলৈ যোৱাৰ আগতে সুভাংশুৱে তেওঁৰ মনৰ কথা পত্নীক কলে।

কামনাক উদ্দেশ্যি ছচিয়েল মিডিয়া পোষ্টত সুভাংশুৱে লিখিছে, “তোমাক আটাইতকৈ ডাঙৰ ধন্যবাদ। তুমি মোৰ কাষত যিদৰে থিয় দিছিল, সেইদৰে এই সফলতা নাহিলহেঁতেন। তাতোকৈ ডাঙৰ কথাটো হ’ল, তোমাৰ অবিহনে এই সফলতাৰ কোনো অৰ্থ নাথাকিলহেঁতেন। ইয়াৰ লগতে সহকৰ্মী আৰু চিনাকিসকললৈ তেওঁৰ বাৰ্তা, এই মিছনত মোৰ কাষত থিয় দিয়া সকলোকে ধন্যবাদ। দেশলৈ আশীৰ্বাদ আৰু মৰম প্ৰেৰণ কৰাসকলৰ প্ৰতিও মই কৃতজ্ঞ।”

Related News