NORTHEAST NOW (Assamese)

নুমলীগড় শোধনাগাৰ আৰু ‘ডিইচিটি’ৰ মাজত বুজাবুজিৰ চুক্তি সম্পাদন

August 30, 2018 9:37 pm · স্মিতা ভট্টাটাৰ্য

আইটিআই গোলাঘাটক আইটিআই গোলাঘাট-এনআৰএল চেণ্টাৰ অব এক্সিলেন্স হিচাপে গঢ়ি তুলিবলৈ নুমলীগড় শোধনাগাৰ আৰু অসম চৰকাৰৰ নিয়োগ আৰু কাৰিকৰ প্ৰশিক্ষণ সঞ্চালকালয়ৰ (DECT)  মাজত কালি এক বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছে। গুৱাহাটীৰ কৰ্প’ৰেট অফিচত এই বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয় নুমলিগড় শোধনাগাৰৰ চিজিএম (এইচ্চ আৰ)ভাৰপ্ৰাপ্ত দেবাশীষ চৌধুৰী আৰু নিয়োগ আৰু কাৰিকৰ প্ৰশিক্ষণ সঞ্চালকালয়ৰ সঞ্চালক ঋতুৰাজ বৰাৰ মাজত সম্পাদিত হয়। এই চুক্তি সম্পাদন অনুষ্ঠানত উপস্থিত আছিল ছিনিয়ৰ চিচিএম (কৰ্প’ৰেট এফেয়াৰ্ছ) এ কে ভট্টাচাৰ্য আৰু নুমলীগড় শোধনাগাৰৰ বিষয়াবৰ্গ।

বুজাবুজিৰ চুক্তি অনুসৰি, অসম চৰকাৰে গোলাঘাটৰ আইটিআইখনৰ চৌহদটো নুমলীগড় শোধনাগাৰৰ হাতত দীৰ্ঘদিনীয়া লীজত অৰ্পণ কৰিব। এনআৰএলে বৰ্তমানৰ অইটিআই প্ৰতিষ্ঠানটোক এটা চেণ্টাৰ অব এক্সিলেন্স হিচাপে গঢ়ি তুলিব। এই উন্নীতকৃত প্ৰতিষ্ঠানটোৱে অসমৰ লগতে উঃ পূৰ্বাঞ্চলৰ যুৱচামৰ দক্ষতা বৃদ্ধিৰ বাবে উন্নত মানদণ্ডৰ প্ৰশিক্ষণ প্ৰদান কৰিব। ঔদ্যোগিক ক্ষেত্ৰত বিশেষকৈ হাইড্ৰকাৰ্বন খণ্ডত নিয়োজনৰ ক্ষেত্ৰত এই চেণ্টাৰ অব এক্সিলেন্সে সহায় কৰিব।

এনআৰএলৰ কৰ্পৰে’ট সামাজিক দায়বদ্ধতা (CSR) প্ৰকল্প— উত্তৰণৰ অধীনত স্থানীয় শতাধিক যুৱক-যুৱতীক কাটিং, টেইলৰিং, ৱেল্ডিং, নাৰ্ছিং, পেৰামেডিকেল কোৰ্ছ, , বোৱন  হস্পিটেলিটী মেনেজমেণ্ট, বাণিজ্যিক অট’মোবাইল মেইণ্টেইনেঞ্চ, চিএনজি অপাৰেশ্যন, ফীটাৰ, বৃদ্ধ বয়সৰ ঘৰুৱা যত্ন, পঞ্চকৰ্ম আয়ুৰ্বেদ আদিৰ প্ৰশিক্ষণ প্ৰদান কৰি অহা হৈছে।

Related News