NORTHEAST NOW (Assamese)

এন এছ চি এন (আই এম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ শেষ নিশ্বাস ত্যাগ

December 12, 2018 8:06 pm · এন ই নাও নিউজ

নাগা বিদ্ৰোহী সংগঠন এন এছ চি এন (আই এম)ৰ উপাধ্যক্ষ খুলে কন্যাকৰ আজি দেহাৱসান ঘটে। দিল্লীত শেষ নিশ্বাস ত্যাগ কৰা বৰ্ষীয়ান বিদ্ৰোহী নেতা গৰাকীক ষ্ট্ৰ’কত আক্ৰান্ত হোৱাৰ বাবে মঙলবাৰৰ পৰা অক্সিজেন দি ৰখা হৈছিল।

উল্লেখযোগ্য যে অবিভক্ত এন এছ চি এনৰ সেনা প্ৰধান খুলে কন্যাক ১৯৮৮ চনত এন এছ চি এন বিভক্ত হোৱাৰ পিছত এন এছ চি এন (কে)ৰ উপাধ্যক্ষৰ পদত স্থলাভিষিক্ত হৈছিল।

ইয়াৰ পিছত ২০১১ চনত এন এছ চি এন (কে)ৰ পৰা ফালৰি কাটি আহি তেওঁ এন এছ চি এন (ইউ) গঠন কৰে যদিও ২০১৬ চনত পুনৰ এন এছ চি এন (আই এম)লৈ ওভতি আহে। তেওঁক ২০১৬ চনৰ ১৯ মে’ত এন এছ চি এন (আই এম)ৰ উপাধ্যক্ষ হিচাপে নিয়োগ কৰা হৈছিল।

Related News