NORTHEAST NOW (Assamese)

চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰাৰ বিৰুদ্ধে বঙাইগাঁও জিলা এন এছ ইউ আইৰ প্ৰতিবাদী ধৰ্ণা

October 19, 2021 7:42 pm · প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

কেন্দ্ৰীয় চৰকাৰে দেশৰ সম্পদ বিক্ৰী কৰাৰ বিৰুদ্ধে তথা নিবনুৱা সংস্থাপনৰ দাবীত আজি বঙাইগাঁও জিলা এন এছ ইউ আইয়ে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

এন এছ ইউ আইৰ কৰ্মীসকলে জিলা কংগ্ৰেছ কাৰ্যালয় ৰাজীৱ ভৱনৰ পৰা সমদল কৰি গৈ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷

প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰা কৰ্মীসকলে নৰেন্দ্ৰ মোদী হুচিয়াৰ ,দেশৰ সম্পদ বিক্ৰী কৰা নচলিব , নিবনুৱাক সংস্থাপন দিয়ক , দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰক, নিবনুৱা সমস্যা সমাধান কৰক, অমিত শ্বাহ গ’বেক আদি বিভিন্ন শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

সংগঠনটোৱে বিজেপি চৰকাৰক নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰি নিবনুৱা সমস্যা সমাধান কৰা , মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ ৰাইজক সকাহ দিয়াৰ লগতে পুঁজিপতিক সন্তুষ্টি কৰিবলৈ দেশৰ সম্পদ বিক্ৰী কৰা বন্ধ কৰিবলৈ দাবী জনায় ৷

প্ৰতিবাদী কাৰ্যসূচীত এন এছ ইউ আইৰ বঙাইগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক জাহাংগীৰ আলমকে ধৰি অন্যান্য বিষয়ববীয়া আৰু কৰ্মীসকল , জিলা কংগ্ৰেছৰ সভাপতি মৃণাল অধিকাৰী , সাধাৰণ সম্পাদকদ্বয় গোকুল কলিতা আৰু হিমাঞ্জন শৰ্মা , জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সাৰদা ৰায় চৌধুৰী , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক জ্যোতিৰ্ময় বৈশ্য আদিও উপস্থিত থাকে ৷

Related News