NORTHEAST NOW (Assamese)

ৰঙিয়াত গুলীচালনাৰ লগত জড়িত অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ

September 13, 2024 7:13 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: September 13, 2024 7:24 pm

কামৰূপৰ ৰঙিয়াত বৃহস্পতিবাৰে নিশা এজন ব্যক্তিয়ে গুলীচালনা কৰাত আন এজন ব্যক্তি আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছতেই ঘটনাই অধিক হিংসাত্মক ৰূপ ধাৰণ কৰে।

জানিব পৰা মতে, বৃহস্পতিবাৰে মাজনিশা ৰঙিয়াৰ দীপ্ত নগৰ অঞ্চলত এই গুলীচালনাৰ ঘটনা সংঘটিত হয়

জ্যোতিপ্ৰকাশ শৰ্মা নামৰ ব্যক্তিগৰাকীয়ে মৃদুল বনিয়া নামৰ এজন ব্যক্তিৰ বাওঁ উৰুত গুলীচালনা কৰে। ব্যক্তিগত কাৰণত দুয়োজন ব্যক্তিৰ মাজত তীব্ৰ তৰ্ক-বিতৰ্কৰ অন্তত এই ঘটনা সংঘটিত হয়।

গুলীবিদ্ধ হোৱাৰ লগে লগে আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে শৰ্মাৰ আগ্নেয়াস্ত্ৰ জব্দ কৰি আটক কৰি থানালৈ লৈ যায়।

অভিযোগ অনুসৰি “লাইচেন্স” যুক্ত ০.৩২ এম এম পিষ্টলেৰে বহুদিন ধৰি স্থানীয় লোকক ভয় খুৱাই আহিছিল শৰ্মাই।

ইফালে আঘাতপ্ৰাপ্ত লোকজনক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Related News