NORTHEAST NOW (Assamese)

বিজনীত হৰিণাৰ মাংসসহ এজনক আটক

February 18, 2022 8:10 am · এন ই নাও নিউজ, গুৱাহাটী

হৰিণাৰ মাংসৰ অবৈধ ব্যৱসায়ৰ অভিযোগত চিৰাং জিলাৰ বিজনীৰ কুমাৰীচালীৰ পৰা এজন ব্যক্তিক আটক কৰা হৈছে।

নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি এছএছবিৰ এটা দলে ব্যক্তিজনক আটক কৰে।

আটকাধীন ব্যক্তিজনক বিজনীৰ লাডাংগুৰিৰ বাসিন্দা অবিন নাৰ্জাৰী বুলি চিনাক্ত কৰা হৈছে।

তেওঁ অঞ্চলটোত হৰিণাৰ মাংসৰ অবৈধ ব্যৱসায় আৰু যোগানৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে।

বৃহস্পতিবাৰে তেওঁক আটক কৰাৰ পিছত এছ.এছ.বি. দলে তেওঁৰ ওচৰৰ পৰা ১৭ কিলোগ্ৰাম হৰিণাৰ মাংস উদ্ধাৰ কৰে।

ইয়াৰ পিছত তেওঁক জেৰা কৰা হয় আৰু তেওঁৰ বিবৃতিৰ ওপৰত ভিত্তি কৰি বুদাং ব্ৰহ্ম নামৰ আন এজন ব্যক্তিৰ গৃহত এটা অভিযান চলোৱা হয়।

বুদাং ব্ৰহ্মৰ গৃহত কৰা এই অভিযানতো এছএছবি দলটোৱে তিনি কিলোগ্ৰাম ওজনৰ মাংস জব্দ কৰে।

অৱশ্যে ব্ৰহ্মই পলায়ন কৰাৰ বাবে তেওঁক আটক কৰিবলৈ সক্ষম নহয় অভিযানকাৰী দলটোৱে।

এছএছবি দলটোৱে সদৰি কৰা অনুসৰি ব্ৰহ্ম অবৈধ মাংস ব্যৱসায়ৰ আঁৰৰ প্ৰাথমিক যোগানকৰ্তা বুলি নিশ্চিত তথ্য লাভ কৰিছে।

অভিযান কালত দলটোৱে দা, চুৰি আৰু এটা ওজন জোখা যন্ত্ৰ জব্দ কৰে। জব্দ কৰা সকলো সামগ্ৰী বন বিভাগক হস্তান্তৰ কৰা হৈছে।

Related News