NORTHEAST NOW (Assamese)

বিশ্বনাথত ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ এটা বেগ, আধাৰ কাৰ্ডত ৰূপৰেখা বৰাৰ নাম

September 10, 2021 11:39 am · কাজী জেইদুল ইছলাম
Updated: September 10, 2021 11:48 am

বিশ্বনাথৰ ছোৱাগুৰীত উদ্ধাৰ হৈছে এটা বেগ ।

ছোৱাগুৰী ১ নং মাথাউৰিত নুৰ মহম্মদ আৰু ছাহজাহান আলিৰ তৎপৰতাত ব্ৰহ্মপুত্ৰ বুকুৰ পৰা এটা নথি পত্ৰ ভৰ্তি এটা বেগ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

আজি পুৱা ভাগত ব্যক্তি দুজনে বেগটো ব্ৰহ্মপুত্ৰ নদীৰ মাজত প্ৰত্যক্ষ কৰাত উদ্ধাৰ কৰে বেগটো আৰু তাৰ পিছত স্থানীয় নদী আৰক্ষী বাহিনীৰ লগতে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ দল উপস্থিত হয়।

উদ্ধাৰ কৰা তথ্য অনুসৰি বেগটো মাজুলীত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ লগত জৰিত বৰ্তমানো সন্ধানহীন ইন্দ্ৰেশ্বৰ বৰাৰ বুলি সন্দেহ কৰা হৈছে।

কাৰণ উদ্ধাৰ কৰা সামগ্ৰী ক্ষেত্ৰত আছে ভোটাৰ কাৰ্ড , পান কাৰ্ড , আধাৰ কাৰ্ডত মহিলা গৰাকীৰ নাম লক্ষীমপুৰৰ কান্দুৰা পথাৰৰ ৰূপৰেখা বৰা  আৰু তথ্য সমুহত উল্লেখ থকা সম্পৰ্কীত ব্যক্তিৰ নাম আছে   ইন্দ্ৰেশ্বৰ বৰাৰ নাম ।

আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা অনুসৰি  নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ হ’ব পাৰে এই বেগটো ।

ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু সচাকৈ এই বেগটো নিখোজ হৈ থকা ইন্দ্ৰেশ্বৰ বৰাৰ হয় নে নহয় সেই সম্পৰ্কে আৰক্ষীৰ অনুসন্ধানত ওলাব প্ৰকৃত ৰহস্য।

Related News