NORTHEAST NOW (Assamese)

বঙাইগাঁও জিলাত ক’ভিডত এজনৰ মৃত্যু,নতুনকৈ আক্ৰান্ত ৩৫ জন ব্যক্তি

July 23, 2021 7:25 pm · প্ৰণৱ কুমাৰ ডেকা

বঙাইগাঁও জিলাত ক’ৰোনাৰ সংক্ৰমণ অব্যাহত থকাৰ মাজতে ক’ভিডত আক্ৰান্ত এজন ব্যক্তিৰ মৃত্যু হয় ৷

মৃত ব্যক্তিজন বঙাইগাঁও  সদৰ থানাৰ অন্তৰ্গত চাপৰাকাটাৰ ১ নং নয়াপাৰাৰ ননীগোপাল সৰকাৰ ( ৩৪) ৷ ব্যক্তিজনৰ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় ৷

ইপিনে জিলাখনত নতুনকৈ পুনৰ ৩৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে ৷

আনহাতে সুস্থ হৈ উঠিছে ৩০ জনকৈ ৰোগী ৷ জিলাখনত নতুনকৈ ৩৫ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাত বৰ্তমান জিলাখনত ১৬০ সক্ৰিয় ৰোগী আছে ৷

ইয়াৰ ভিতৰত ১২১ জন ইনষ্টিটিউচনেল কোৱাৰেণ্টাইনত আৰু ৩৯ জন ব্যক্তি হোম কোৱাৰেণ্টাইনত আছে ৷

জিলাখনতমুঠ ৪,৪৪১ জন ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হয় ৷ জিলাখনত ১ মাৰ্চৰ পৰা ২২ জুলাই লৈ  মুঠ ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই ৪,৫২৪ জন হৈছে ৷

Related News