NORTHEAST NOW (Assamese)

এনকাউণ্টাৰ: যোৰহাটত ক’লা ল’ৰাৰ পিছত এইবাৰ গুলিবিদ্ধ ‘পচা গুণ্ডা’

December 31, 2021 2:27 pm · এন ই নাও নিউজ,গুৱাহাটী

যোৰহাটত ক’লা ল’ৰাৰ পিছত এইবাৰ পঁচা গুণ্ডা গুলিবিদ্ধl যোৱা নিশা যোৰহাট আৰক্ষীৰ গুলীচালনাত গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত  হয় “পচা গুণ্ডা” l

আৰক্ষীৰ চকুত ধূলি দি পলাবলৈ চেষ্টা চলাইছিল পচা গুণ্ডাই l

যোৰহাট আৰক্ষীৰ দ্বিতীয়টো বৃহৎ সাফল্য ইতিমধ্যে পোহৰলৈ আহিছে l

যোৰহাট হৰিজন ক’লনিত সন্ত্ৰাসৰ সৃষ্টি কৰা পঁচা গুণ্ডাৰ গুলীবিদ্ধ হোৱাৰ খবৰ পাই আনন্দৰ জোৱাৰ উঠা দেখা গৈছে।

ধুবুৰীত আত্মগোপন কৰি আছিল কুখ্যাত ড্ৰাগছ মাফিয়া পঁচা গুণ্ডা ওৰফে ৰমেশ বাচফৰ l

আৰক্ষীয়ে গোপন সূত্ৰে পচা গুণ্ডা ধুবুৰীত থকাৰ খবৰ পাই মাফিয়াটোক ধুবুৰীৰ পৰা যোৰহাটলৈ আনি থাকোতে যোৰহাট জিলাৰ পানী চকুৱা অঞ্চলৰ পৰা পলাবলৈ চেষ্টা চলায়।

ফলত আৰক্ষীয়ে গুলীচালনা কৰে। ভৰিত গুলী লগাত ভাবে আঘাতপ্ৰাপ্ত হয় পচা গুণ্ডা।

যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ বৰ্তমান চিকিৎসাধীন পঁচা গুণ্ডা ।

ড্ৰাগছ ব্যৱসায়ৰ সৈতে জৰিত বুলি সন্দেহ কৰা বাদল তাঁতী আৰু মুনমুন তাঁতীকো এনকাউণ্টাৰ কৰাটো বিচাৰে হৰিজন কলনীৰ ৰাইজে l

Related News