NORTHEAST NOW (Assamese)
অসম

লাহৰীঘাটত পথ দুৰ্ঘটনাত এজনৰ থিতাতে মৃত্যু

Posted by: চানু গগৈ Updated by: চানু গগৈ December 5, 2020 8:17 pm
accident

মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত ধূপগুৰিত নিশা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।

ফলত থিতাতে নিহত হয় এজন বাইক আৰোহীৰ। নিহত বাইক আৰোহীজন কাঠনিৰ পলাশগুৰি গাঁৱৰ ৰাজীৱ ডেকা (২৬) বুলি চিনাক্ত হৈছে।

উল্লেখ্য যে নিশা  লাহৰীঘাট – মৰিগাঁও সংযোগী পথৰ ধূপগুৰিত পথৰ দাঁতিত থকা এডাল প্ৰকাণ্ড গছত খুন্দা মৰাৰ ফলতেই বাইক আৰোহী জনৰ মৃত্যু ঘটে।

নিহত বাইক আৰোহীজন পেচাত এগৰাকী গাড়ী চালক আছিল।

আন দিনাৰ দৰে কালি সন্ধিয়াও তিনিচুকীয়াত লগৰীজনৰ ঘৰত গাড়ীখন থৈ দীঘলবড়িস্থিত ঘৰলৈ নিশা গৈ থকাৰ অৱস্থাতে পথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই গছ ডালত খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।

ইফালে আজি পুৱা খবৰ পাই লাহৰীঘাট থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে খহনীয়াত সৰ্বস্বান্ত হৈ কাঠনিৰ পলাশগুৰি গাঁৱৰ পৰা তেওঁলোকে দীঘলবড়িলৈ গৈ কোনোমতে বাস কৰিছিল।

মৃত লোকজনৰ পত্নীৰ লগত এটি দুবছৰীয়া সন্তানসহ এটি যৌথ পৰিয়াল ।