NORTHEAST NOW (Assamese)
অসম

বোকাখাত মহকুমাৰ গেলেকীত গঁড়ৰ আক্ৰমনণত এজন লোকৰৰ মৃত্যু

Posted by: উত্তম শইকীয়া Updated by: উত্তম শইকীয়া February 8, 2021 5:12 pm
IMG-20210208-WA0002~2

বোকাখাত মহকুমাৰ গেলেকীত আজি পুৱা গঁড়ৰ আক্ৰমণত এজন লোক নিহত হয়৷ নিহত লোকজনৰ নাম বড়ো ওৰাং জানিব পৰা গৈছে৷

কাজিৰঙাৰ গেলেকীৰ গোসাঁনীবৰৰ নিৱাসী বড়ো ওৰাং নামৰ লোকজনে পুৱা পথাৰত গৰু এৰাল দিবলৈ যাওঁতে গঁড়ে আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰে৷

উদ্ধাৰ কৰিবলৈ যোৱা লোকে পথাৰত বোকাৰে লুতুৰি পুতুৰি অৱস্থাত বড়ো ওৰাংৰ মৃতদেহ উদ্ধাৰ কৰে৷ ঘটনাৰ পিচতেই পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ঘটনাস্থলীত উপস্থিত হয়।

ঘটনাস্থলীত উপস্থিত হোৱা বিষয়াজনক উত্তেজিত লোকে ঘেৰাও কৰে।

অৱশ্যে  ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে সমবেত লোক সকলৰ লগত ঘটনাৰ সম্পৰ্কত আলোচনা কৰি পৰিবেশটো নিয়ন্ত্ৰণ কৰে৷

পিছত মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৃত বড়ো ওৰাংৰ মৃতদেহ গোলাঘাটৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷