NORTHEAST NOW (Assamese)

শিৱসাগৰত পুনৰ এগৰাকী মহিলা ক’ভিডত আক্ৰান্ত হৈ মৃত্যু; এই পৰ্যন্ত ক’ভিডত মৃত্যু হৈছে ৪গৰাকীৰ

April 29, 2021 4:43 pm · পার্শ্বজোতি গগৈ
প্ৰতিনিধিত্বমূলক ফটো।

ৰাজ্যত দৈনিক বৃদ্ধি পাব ধৰিছে ক’ভিড আক্ৰান্তৰ সংখ্যা। ক’ৰণা সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰিবলগীয়া হৈছে কঠোৰ পদক্ষেপ।

ইতিমধ্যে সমগ্ৰ ৰাজ্যত নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ নৈশ কাৰ্ফিউ জাৰি কৰিছে দূৰ্যোগ প্ৰশমন বিভাগে।

শিৱসাগৰতো বৃদ্ধি পাইছে ক’ৰনা আক্ৰান্তৰ সংখ্যা। আজি পুনৰ শিৱসাগৰত এগৰাকী মহিলাৰ ক’ভিডত মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।

মৃত্যু হোৱা মহিলাগৰাকীৰ নাম দুলেশ্বৰী গগৈ। বয়স ৬৯ বছৰ। মহিলাগৰাকীৰ ঘৰ শিৱসাগৰ ষ্টেশ্যন চাৰিআলিৰ চিপিআই কাৰ্যালয়ৰ ওচৰত বুলি জানিব পৰা গৈছে।

আজি শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ক’ভিড টেষ্ট কৰিবলৈ গৈছিল মহিলাগৰাকী আৰু তেওঁৰ শৰীৰত ক’ভিড পজিটিভ ধৰা পৰাৰ কিছুসময়ৰ পিছতেই চিকিৎসালয়তেই তেওঁৰ মৃত্যু হয়।

বৰ্তমানলৈকে শিৱসাগৰত ক’ভিডত আক্ৰান্ত হৈ চাৰি গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

২৭ এপ্ৰিলত কোঁৱৰপুৰৰ তমিজুৰ ৰহমান, ২৮ এপ্ৰিলত শুকানপুখুৰীৰ অঞ্চলৰ দিচাং মাজগাঁওৰ চৈফুল আলি(৫৮), আমগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত দুপদৰৰ নিৰদা বৰা(৭৫), আৰু আজি ষ্টেশ্যন চাৰিআলিৰ দুলেশ্বৰী গগৈ(৬৯) নামৰ মহিলাগৰাকী ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে।

Related News