NORTHEAST NOW (Assamese)

অসমত ক’ভিডত আৰু এজনৰ মৃত্যু, মুঠ ৭৭লৈ বৃদ্ধি

July 25, 2020 10:42 pm · এন ই নাও নিউজ

আৰু এগৰাকী লোকে অসমত শনিবাৰে ক’ভিড-১৯ত প্ৰাণ হেৰুৱাইছে।

ক’ভিডত প্ৰাণ হেৰুওৱা ব্যক্তিজন হৈছে নগাঁৱৰ ৰঞ্জিত বৈদ্য (৬৫)।

বৈদ্য গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতেলত চিকিৎসাধীন হৈ আছিল।

এইজন ব্যক্তিক ধৰি অসমত ক’ভিডত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৭৭লৈ বৃদ্ধি পাইছে।

অসমত শুকুৰবাৰলৈকে ক’ভিডত ৭৬গৰাকী লোকে প্ৰাণ হেৰুওৱাৰ বিপৰীতে ২১,৭৬১গৰাকীয়ে আৰোগ্য লাভ কৰিছে।

শুকুৰবাৰে অসমত সক্ৰিয় ৰোগীৰ সংখ্যা আছিল ৮০৮১গৰাকী।

অসমত শুকুৰবাৰলৈকে চিনাক্ত মুঠ ক’ভিড আক্ৰান্ত ২৯,৯২১গৰাকী।

ইয়াৰে তিনিগৰাকী আন ঠাইলৈ স্থানান্তৰিত হৈছে।

Related News