NORTHEAST NOW (Assamese)

ভাৰত বনাম ইংলেণ্ড : কেৱল কোহলী বাহিনীয়েই নহয়, চৰ্চাত আছে আম্পায়াৰ নিতিন মেননো

March 30, 2021 9:47 am · এন ই নাও নিউজ

বিগত দুই মাহ ধৰি ভাৰতত অনুষ্ঠিত হৈ যোৱা ইংলেণ্ড-ভাৰতৰ আটাইকেইটা ফৰ্মেটৰে ক্ৰিকেট শৃংখলাটোত কেৱল খেলুৱৈসকলেই নহয়, এগৰাকী আম্পায়াৰেও ক্ৰিকেট বিশ্বত সমাদৰ লাভ কৰিছে।

তেওঁ হ’ল নিতিন মেনন।

৩৬ বছৰ বয়সতে আইচিচি এলিট তালিকাত স্থান লাভ কৰা মেননে আম্পায়াৰ হিচাপে আটাইতকৈ কম বয়সীয়া হিচাপে বিবেচিত হৈছেষ।

শৃংখলাটোত মুঠ ১০ ( ৪খন টেষ্ট, ৩খন টি-২০ আৰু ৩খন এদিনীয়া) খন মেচ নিয়াৰীকৈ পৰিচালনা কৰি মেননে চৰ্চিত হৈ পৰিছে।

মেননৰ সুস্থ আম্পায়াৰিঙত ক্ৰিকেট তাৰকা দীনেশ কাৰ্তিক, প্ৰাক্তন অপেনাৰ আকাশ চোপ্ৰাও প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে।

ভৱিষ্যতে এনেধৰণৰ সফলতা লাভ লাভ কৰিলে মেননক বিশ্বকাপ আৰু এছেজ শৃংখলাতো দেখা যাব পাব পাৰে।

উল্লেখযোগ্য যে আধুনিক ক্ৰিকেট আম্পায়াৰিঙৰ ক্ষেত্ৰত অত্যন্ত জটিল।

আধুনিক প্ৰযুক্তিয়ে আম্পায়াৰৰ সিদ্ধান্তকো ভুল হিচাপে পৰিগণিত কৰায়।

আম্পায়াৰৰ এটা সিদ্ধান্তক প্ৰযুক্তিৰ দ্বাৰা পৰীক্ষা কৰি চোৱা হয় আৰু ইয়াৰ দ্বাৰা আম্পায়াৰজনৰ পাৰদৰ্শিতা নিৰ্ণায়ন হয়।

কিন্তু সমগ্ৰ চিৰিজটোত মেননে সূক্ষ্মভাৱে নিজৰ কাম কৰি গৈছিল।

চিৰিজটোত তেওঁ দিয়া মুঠ ৪০টা সিদ্ধান্তৰ বিৰুদ্ধে দুয়োটা দলে আবেদন কৰিছিল।

৪০টাৰ ভিতৰত ৩৫টা সিদ্ধান্তই প্ৰযুক্তিৰ পৰীক্ষাত সফল বিবেচিত হয়।

আনহাতে ‘আম্পায়াৰ কল’ কৰা হৈছিল ২৩ বাৰ।

মেননৰ সিদ্ধান্ত নিৰ্ভূল হিচাপে বিবেচিত হয় ১২ বাৰ।

তদুপৰি তেওঁ প্ৰদান কৰা ৩৫টা এলবিডব্লিউ আউটৰ মাত্ৰ ২টাহে ভুল হিচাপে ধৰা পৰে।

সমগ্ৰ চিৰিজটো দুয়োটা দলৰ মাজত উত্তপ্ত হৈ আছিল।

খেলপথাৰত অনেকবাৰ গৰম পৰিস্থিতৰ সৃষ্টি হৈছিল।

কিন্তু সকলো নেওচি নিজৰ সিদ্ধান্তসমূহত অবিচল আছিল নিতিন।

নিতিনৰ এই প্ৰদৰ্শনক লৈ তাৰকা ক্ৰিকেটাৰ দীনেশ কাৰ্তিকে টুইটাৰযোগে লিখিছে যে এই ধাৰাবাহিকতা বৰ্তাই ৰাখিলে নিতিন বিশ্বৰ শ্ৰেষ্ঠ আম্পায়াৰ হ’ব।

প্ৰাক্তন তাৰকা আকাশ চোপ্ৰাই কৈছে যে নিতিনে যি সিদ্ধান্ত লয়, সেয়া মানি চলা উচিত।

Related News