NORTHEAST NOW (Assamese)

শিৱসাগৰ নামতি পাটৰ গাঁৱত বলে’ৰ পিকআপৰ খুণ্ডাত এজন ব্যক্তি নিহত

October 8, 2020 10:21 pm · এন ই নাও নিউজ

আজি সন্ধিয়া প্ৰায় ৭ মান বজাত শিৱসাগৰৰ নামতিত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত নামতি পাটৰ গাঁৱৰ নৰেন চুতীয়া নামৰ এগৰাকী লোকৰ কৰুণ মৃত্যু হয়।

স্থানীয় ৰাইজৰ মতে তীব্ৰ বেগত অহা কেঁচা চাহপাত কঢ়িওৱা ব’লেৰ পিকআপ গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই নামতি পাটৰ গাঁৱত দুৰ্ঘটনাত পতিত হয়। লগে লগে স্থানীয় লোকে সামান্যভাৱে আঘাত পোৱা গাড়ীখনত থকা তিনিজন ব্যক্তিক উদ্ধাৰ কৰে।

প্ৰায় দুঘন্টা মানৰ পাছত দূৰ্ঘটনাস্থলীৰ পৰা অলপ দূৰত এজন ব্যক্তি পৰি থকা স্থানীয় লোকে প্ৰত্যক্ষ কৰে। স্থানীয় লোকে ব্যক্তি গৰাকীক উদ্ধাৰ কৰে যদিও ইতিমধ্য ব্যক্তি জনৰ মৃত্যু হয়।

আনহাতে, ব্যক্তিজনৰ মৃত্যু হোৱা বুলি জানিব পাৰি গাড়ীখনৰ হেণ্ডিমেন আৰু আন এজন ব্যক্তি ঘটনাস্থলীৰ পৰা পলায়ন কৰে যদিও ড্ৰাইভাৰ জনক কৰায়ত্ব কৰে স্থানীয় লোকে।

ইপিনে দুঘন্টা ধৰি ব্যক্তিজন পৰি আছিল যদিও বলে’ৰ খনৰ চালক হেণ্ডিমেন তথা আনজন ব্যক্তিয়ে দূৰ্ঘটনাৰ পূৰ্বে এজন ব্যক্তিক খুন্দিয়াই থৈ অহাৰ কথা অৱগত নকৰাত উত্তেজিত হৈ পৰে স্থানীয় ৰাইজ।

দূৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ হল AS-04-BC-4923। গাড়ীখন গেলেকীৰ বুলি জানিব পৰা গৈছে।

Related News