NORTHEAST NOW (Assamese)

টীয়কত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন লোক

November 22, 2020 6:40 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও

শনিবাৰে নিশা প্ৰায়  ৯ বজাত টীয়কৰ মুদৈজান পেট্ৰ’ল ডিপ’ৰ সমীপত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

যোৰহাটৰ পৰা শিৱসাগৰ অভিমুখে আহি থকা (WB-65-C-5678 ) নম্বৰৰ মালবাহী ট্ৰাকখনত একেটা দিশৰ পৰা অহা নম্বৰপ্লেট বিহীন স্কুটী আৰোহীয়ে পাছফালে নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মৰাৰ ফলত স্কুটী আৰোহীজন ঘটনাস্থলীতে নিহত হয়।

ঘটনা সংঘটিত হোৱাৰ পাছতে স্থানীয় প্ৰত্যক্ষদৰ্শী লোকে ট্ৰাকখন ৰখাবলৈ চেষ্টা কৰে যদিও উক্ত স্থানৰ পৰা ট্ৰাকখন পলায়ন কৰে।

অৱশ্যে, টীয়ক আৰক্ষীয়ে ইতিমধ্যে ট্ৰাকখন জব্দ কৰে আৰু দুৰ্ঘটনাত পতিত যুৱকৰ মৃতদেহটো থানালৈ লৈ আনে।

এই পৰ্যন্ত মৃতদেহটো চিনাক্ত হোৱা নাই।

Related News