NORTHEAST NOW (Assamese)

বোকাখাতত বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন

December 15, 2019 12:49 pm · উত্তম শইকীয়া
প্ৰতিনিধিত্বমূলক ফটো

নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ চলি থকাৰ মাজতে বোকাখাতৰ চিনাকান, মেৰকান, লখৌজান আদি অঞ্চলত আজি কিছু দিন ধৰি অব্যাহত আছে বনৰীয়া হাতীৰ সন্ত্ৰাস।

আজি পুৱতি নিশা লখৌজান তিনিআলিত হাতীৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় বিপুল দত্ত নামৰ ব্যক্তিজন। হাতীৰ জাকে নিজৰ বাৰীতে আক্ৰমণ কৰে বিপুল দত্তক।

পিছত গুৰুতৰভাৱে আহত বিপুল দত্তক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও উন্নত চিকিৎসাৰ বাবে বিপুল দত্তক চিকিৎসকে গুৱাহাটীলৈ প্ৰেৰণ কৰে।

উল্লেখযোগ্য যে কাৰ্বি পাহাৰৰ পৰা নামি অহা হাতীৰ জাকে বিগত দুটা দিন লখৌজান, বৰচাপৰি, ৰজাবাৰীৰ লগতে ৩৭ নং ৰাষ্ট্ৰীয় পথ অতিক্ৰম কৰি চিনাকান, মেৰকান আদিতো সন্ত্ৰাস সৃষ্টি কৰি আহিছে।

ইফালে নুমলীগড় বন বিভাগৰ বনকৰ্মীয়ে হাতীৰ জাকটোক চিনাকান অঞ্চলৰ পৰা ওভটায় আনে যদিও শনিবাৰে নিশা বন্যহস্তীৰ জাকটোৱে লখৌজান অঞ্চলত অৱস্থান কৰে।

Related News