NORTHEAST NOW (Assamese)
Popular Stories

লাভজনক হৈ থকালৈকে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব ONGC-এ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী August 30, 2025 7:34 pm

যোৱা বুধবাৰৰ পৰা ভাৰতত ৫০ শতাংশ আমেৰিকাৰ শুল্কৰ বোজা। যাৰ বাবে শুকুৰবাৰে চৰকাৰী তেল আৰু প্ৰাকৃতিক গেছ নিগমে কয় যে ৰাছিয়াৰ পৰা তেল আমদানি সন্দৰ্ভত চৰকাৰৰ কোনো হেঁচা নাই! ফলত আমদানি অব্যাহত আছে। যেতিয়ালৈকে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাটো লাভজনক হব, তেতিয়ালৈকে পুটিনৰ দেশৰ পৰা খাৰুৱা তেল আমদানিও চলি থাকিব।

শুকুৰবাৰে ৰাছিয়াৰ পৰা তেল আমদানিৰ বিষয়ে মুকলিকৈ কয় অএনজিচিৰ অধ্যক্ষ অৰুণ কুমাৰ সিঙে। তেওঁ সাংবাদিকৰ আগত কয় যে, “যেতিয়ালৈকে ই লাভজনক হব, আমি (ৰাছিয়াৰ তেলৰ) প্ৰতিটো টোপাল কিনিম। লগতে তেওঁ কয় যে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত কোনো চৰকাৰী নিষেধাজ্ঞা নাই। এই বিষয়ত চৰকাৰে কোনো সিদ্ধান্ত নোলোৱালৈকে অএনজিচিৰ দুটা তেল শোধনাগাৰ হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেশ্যন (এইচপিচিএল) আৰু মাংগালুৰু শোধনাগাৰ এণ্ড পেট্ৰকেমিকেলছ (এমআৰপিএল) ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিবলৈ মুক্ত। মন কৰিবলগীয়া যে এইচ পি চি এল আৰু এম আৰ পি এলে যৌথভাৱে বছৰি ৪ কোটি টন তেল শোধন কৰিব পাৰে। ঘৰুৱা চাহিদা পূৰণ কৰাৰ পাছত ভাৰতে শোধিত তেলৰ এটা অংশ পশ্চিমীয়া দেশসমূহক বিক্ৰী কৰে।

প্ৰথমে ট্ৰাম্পে ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ পাছত ৰাছিয়াৰ তেল আমদানি কৰাৰ ‘অপৰাধৰ বাবে তেওঁ ভাৰতৰ ওপৰত আৰু ২৫ শতাংশ শুল্ক আৰোপ কৰিলে। যদিও তেতিয়াও ভাৰতে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ বাবে ৰাছিয়াৰ পৰা বৃহৎ পৰিমাণৰ তেল অৰ্ডাৰ দিছে। ইয়াৰ কাৰণ হল শেহতীয়াকৈ খাৰুৱা তেলত প্ৰতি বেৰেলত তিনি ডলাৰৰ ৰেহাই দিয়া হৈছে। হিচাপ অনুসৰি এই ৰেহাইৰ সংখ্যা ৫ শতাংশ। অৱশ্যে কোনো এটা দলে এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে একো কোৱা নাই। কিন্তু ৰাছিয়াৰ পৰা তেল ক্ৰয় বৃদ্ধি কৰি দিল্লীয়ে আমেৰিকালৈ পুনৰ বাৰ্তা প্ৰেৰণ কৰাটো স্পষ্ট। অ এন জি চিৰ বাৰ্তাত স্পষ্ট হৈ পৰিছে যে ভাৰত এই কৌশলৰ পৰা আঁতৰি যোৱা নাই।

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পৰিবেশত এছ চি অ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে চীনত উপস্থিত হৈছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আনকি উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনেও উপস্থিত থকাৰ সম্ভাৱনা আছে। কোৱা বাহুল্য যে ডনাল্ড ট্ৰাম্পৰ ‘টেৰিফ বোমা’ৰ বিৰুদ্ধে ক্ষমতাৰ এক নতুন অক্ষৰ উন্মেষ ঘটিছে।